নাগালেণ্ড বিধানসভা নিৰ্বাচন : অনিশ্চয়তাৰ ডাৱৰ এতিয়াও আঁতৰা নাই

NPF-570x320

,

যোৱা দুদিনৰ ভিতৰত নিৰ্বাচন বৰ্জনৰ স্থিতিৰ পৰা বিজেপি, কংগ্ৰেছ আৰু এন পি এফ আঁতৰি আহিলেও ত্ৰয়োদশ নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ অনিশ্চয়তাৰ ডাৱৰ এতিয়াও আঁতৰা নাই। দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচনী অধিসূচনা জাৰি কৰা তিনি দিন হোৱা সত্ত্বেও, অৰ্থাৎ আজি ৩ ফেব্ৰুৱাৰি পৰ্য্যন্ত কোনো দলৰ কোনো প্ৰাৰ্থীয়েই মনোনয়ন দাখিল কৰা নাই। আনহাতে নাগা হোহো আৰু শীৰ্ষস্থানীয় নাগা বেচৰকাৰী সংগঠনবোৰে নিৰ্বাচনত মনোনয়ন দাখিল কৰাটো বিশ্বাসঘাতকতা বুলি গণ্য কৰা হ’ব বুলি দিয়া ভাবুকিৰ পৰিপ্ৰেক্ষিতত এতিয়াও দলবোৰৰ পৰা কোনোৱেই মনোনয়ন দাখিল কৰিবলৈ আগ বাঢ়ি অহাৰ সাহস দেখুওৱা নাই বুলি জানিব পৰা গৈছে। আনকি দলবোৰেও এই ক্ষেত্ৰত তেওঁলোকৰ দলীয় প্ৰাৰ্থী তালিকা ঘোষণাত হোঁহকা-পিচলা কৰি আছে। অৱশ্যে আজি বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ কথা।

উল্লেখযোগ্য যে ত্ৰয়োদশ নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন অহা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হোৱাৰ কথা। কিন্তু ৰাজ্যখনৰ আটাইবোৰ ৰাজনৈতিক দলেই নাগালিম সমস্যাটো নিৰ্বাচনৰ পূৰ্বেই সমাধানৰ দাবীত যোৱা ২৯ জাৱনুৱাৰিত নিৰ্বাচন বৰ্জন কৰাৰ বাবে এটা যৌথ বিবৃতিত চহী কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন অনুষ্ঠিত হোৱা-নোহোৱাৰ মাজত এক অস্পষ্টতাই ভূমুকি মাৰিছিলহি। কিন্তু দুদিন পিছতে বিজেপিয়ে আৰু তাৰ এদিন পিছতে এন পি এফ আৰু কংগ্ৰেছেও সেই স্থিতিৰ পৰা আঁতৰি আহি নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল।

ইয়াৰ পিছতো কোনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰা নাই। আনহাতে কালিৰ এটা বিবৃতিত নাগা হোহো আৰু শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰৰ ক’ৰ কমিটিয়ে মনোনয়ন দাখিল নকৰিবলৈ দলবোৰক আহ্বান জনাইছিল। মনোনয়ন দাখিল কৰিলে বিশ্বাসঘাতক হিচাপে গণ্য কৰা হ’ব বুলিও স্পষ্ট কৰি দিছিল ক’ৰ কমিটিয়ে।

ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়াই কোনো প্ৰাৰ্থীয়েই এই পৰ্য্যন্ত মনোনয়ন দাখিল নাই কৰা বুলি নিশ্চিত কৰিছে। অহা ৭ ফেব্ৰুৱাৰি মনোনয়ন দাখিল কৰা অন্তিম তাৰিখ।