অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত বসবাস কৰা লোক সকলৰ মাজত এক বন্ধুত্বপূৰ্ণ বাতাবৰণ সৃষ্টি কৰাৰ উদ্দেশ্যে যোৰহাটৰ নকছাৰিত শুক্ৰবাৰে এখন সদ্দিচ্ছামূলক আলোচনা সভা অনুষ্ঠিত হয়। সীমান্ত শান্তি সমন্বয় সমিতিয়ে (অসম-নাগালেণ্ড) আয়োজন কৰা উক্ত সভাখন নকছাৰিৰ দৰিকাল গাঁৱত অৱস্থিত সংগঠনটোৰ সভাপতি বি পি বৰাৰ বাসগৃহত অনুষ্ঠিত হয়। উক্ত সভাত মূলত কেন্দ্ৰীয় চৰকাৰ আৰু এন এছ চি এন (আই এম)ৰ মাজত স্বাক্ষৰিত নাগা শান্তি চুক্তিয়ে সীমান্তৱৰ্তী অঞ্চল সমূহৰ ৰাইজৰ মাজত সৃষ্টি কৰা বিভ্ৰান্তি আৰু শংকাৰ ওপৰত বিষদভাৱে আলোচনা কৰা হয়। শনিবাৰে প্ৰকাশ কৰা এক প্ৰেছ বিবৃতি যোগে সংগঠনটোৰ উভয় পক্ষৰ সদস্যসকলে মত আগবঢ়ায় যে শান্তিপ্ৰিয় লোকসকলৰ মাজত এই ধৰণৰ বিভ্ৰান্তি সৃষ্টিৰ অন্তৰালত বিশেষ কিছুমান শক্তি জড়িত থাকে অন্যথা তেওঁলোকে শান্তিপূৰ্ণ জীৱন যাপন কৰি আহিছে। সীমান্ত শান্তি সমন্বয় সমিতিয়ে (অসম-নাগালেণ্ড)ৰ কাৰ্যকৰী সদস্য মেদেলুৱাজানৰ প্লাৱন গগৈয়ে কয় যে নাগালেণ্ডৰ ৱখা জিলাৰ গাঁও আৰু যোৰহাট জিলাৰ তিতাবৰ উপ-সংমণ্ডলৰ সীমান্তৱৰ্তী গাঁও সমূহৰ মাজত আয়োজন কৰা বাৰ্ষিক ভলীবল টুৰ্ণামেণ্টখন ২০০৩ চনৰে পৰা সফলতাৰে চলি আহিছে, য’ত দুইখন ৰাজ্যৰ চুবুৰীয়া লোকসকলে যথেষ্ট উৎসাহেৰে ভাগ লৈ আহিছে। ‘আমি কোনো সমস্যা নোহোৱাকৈ আমাৰ প্ৰতিৱেশী নাগা লোকসকলৰ লগত সুখেৰে বাস কৰি আহিছো।’ গগৈয়ে কয়। মোককচাং জিলাৰ আওচেনদেন গাঁৱৰ সদস্য লিকক আৱে বৰ্তমান বিশেষকৈ অসমৰ সংবাদ মাধ্যম সমূহে সত্যক বিকৃত কৰি সংবাদ পৰিৱেশন কৰি আহিছে বুলি মন্তব্য কৰে। এনে সংবাদক তেওঁ ঢোল পিতাৰ লগত তুলনা কৰি কয় ‘ঢোলৰ মাত যথেষ্ট ডাঙৰ কিন্তু ঢোলটো খুলি পেলালে তাৰ ভিতৰত বিশেষ একো নাথাকে।’ সভাখনত অসমৰ সংবাদ কৰ্মী মৃণাল তালুকদাৰ আৰু অতনু ফুকনক সংগঠনটোৰ সদস্য সকলক কেনেদৰে পৰিস্থিতিটোৱে সৃষ্টি কৰা বিভ্ৰান্তিক চম্ভালিব পাৰি তাৰ পৰামৰ্শ দিবলৈ আমন্ত্ৰণ কৰি অনা হয়। কেন্দ্ৰীয় চৰকাৰ তথা খুদ প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীয়ে নাগা চুক্তিৰ স্বাক্ষৰিত কৰোতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ ভৌগোলিক অখণ্ডতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ’ব বুলি নিশ্চয়তা প্ৰদান কৰিছিল বুলি সংগঠনটোৰ সদস্য সকলে মন্তব্য কৰে। উক্ত পৰিস্থিতি সংগঠনটোৱে উভয় পক্ষৰ পৰা বিষয়টোত জড়িত সকলো সংশ্লিষ্ট লোককে সীমান্তৱৰ্তী লোকসকলক বিপথে পৰিচালিত নকৰিবলৈ আৰু শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়।
নাগা চুক্তি সন্দৰ্ভত সীমান্ত শান্তি সমন্বয় সমিতি (অসম-নাগালেণ্ড)ৰ সদ্দিচ্ছামূলক আলোচনা সভা
-
By NE NOW NEWS
Related Content
প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰকঃ ডি ৱাই এফ আই
By
এন ই নাও নিউজ
September 16, 2024 7:42 pm
এটাও পৰীক্ষা নিকাকৈ পাতিব নোৱাৰে চৰকাৰে! ভাইৰেল হ’ল ১৫ ছেপ্তেম্বৰৰ ADRE ৰ প্ৰশ্নকাকত
By
এন ই নাও নিউজ
September 16, 2024 6:23 pm
মিছামাৰী সামৰিক ষ্টেচনত ডিফেন্স ৰিচাৰ্চ লেবৰেটৰীৰ উদ্যোগত পানী বিশুদ্ধকৰণ প্ৰযুক্তি সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী
By
এন ই নাও নিউজ
September 16, 2024 4:38 pm
তালাচীৰ নামত পৰীক্ষাৰ্থীৰ শ্লীলতা হানি সন্দৰ্ভত মানৱ অধিকাৰ আয়োগক অভিযোগ আপৰ
By
এন ই নাও নিউজ
September 16, 2024 3:38 pm
এক দেশ-এক নিৰ্বাচনৰ দ্বাৰা কাৰ কিমান লাভ? কোন দেশত আছে এই আৰ্হি, ভাৰতত প্ৰত্যাহ্বান কি?
By
এন ই নাও নিউজ
September 16, 2024 2:49 pm
স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৭২ ঘন্টীয়া অনশনৰ সামৰণি
By
এন ই নাও নিউজ
September 16, 2024 1:06 pm