নাগা নেতা তথা প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী ছছো লোৰ্হোৰ দেহাৱসান

Former Manipur medical minister Lorho passes away

প্ৰাক্তন মন্ত্ৰী তথা নাগা নেতা ছছো লোৰ্হোৰ যোৱা নিশা ইম্ফলৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। তেওঁ দীৰ্ঘদিন ধৰি অসুখত ভুগি আছিল বুলি পৰিয়ালৰ সূত্ৰত প্ৰকাশ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স ৭৯ বছৰ হৈছিল। মৃত্যুৰ সময়ত তেওঁ সংসাৰত সন্তান আৰু নাতি-নাতিনীসকলক এৰি যায়।

আজি পুৱা তেওঁৰ ইম্ফলৰ ছাংগাকফাম এলেকাৰ চিংমেইৰং পৌমাই আবাসিক এলেকাৰ বাসভৱনত এখন শোকসভাৰ আয়োজন কৰা হয়।

শোকসভাখনত ভালেকেইগৰাকী মন্ত্ৰী, বিধায়ক, প্ৰাক্তন বিধায়ক, বিভিন্ন ৰাজনৈতিক দলৰ নেতা, নাগৰিক সমাজ সংস্থা, বন্ধু-বান্ধৱ আৰু নিকটাত্মীয়সকল উপস্থিত আছিল।

শোকসভাখনত ভাষণ ৰখা বক্তাসকলৰ ভিতৰত ভূতপূৰ্ব বিধায়ক ও এছ আৰ্থাৰ, আৰ কে থাইকো, ফ্ৰেন্সিছ নাইজোকপা আদিয়ে প্ৰাক্তন বিধায়কগৰাকীৰ সৈতে হোৱা ব্যক্তিগত অনুভৱ আৰু অভিজ্ঞতা বিনিময় কৰে।

পৰিয়ালৰ সূত্ৰত প্ৰকাশ যে নাগা নেতাগৰাকীৰ মৃতদেহটো আন এখন শোকসভাত যোগদান দিয়াৰ বাবে উত্তৰ ইম্ফলৰ পৰা ৬০ কি:মি: দূৰৰৰ সেনাপতি জিলাৰ সদৰলৈ লৈ যোৱা হ’ব। তাৰ পাছত শেষকৃত্যসম্পন্ন কৰাৰ বাবে জিলাখনৰ পাওমাতা মহকুমাৰ অন্তৰ্গত নেতাগৰাকীৰ জন্মস্থান তুংগাম গাঁৱলৈ লৈ যোৱা হ’ব। শনিবাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।

স্বৰ্গীয় ডি ছছঔৰ পুত্ৰ ছছো ১৯৬২ৰ পৰা ১৯৬৪ লৈকে পাওমাতা নাগা ষ্টুডেণ্ট’ছ ইউনিয়নৰ সাধাৰণ সম্পাদক আছিল আৰু ১৯৬৭ ৰ পৰা ১৯৭৫লৈকে পাওমাতা নাগা প্ৰগ্ৰেছিভ ইউনিয়নৰ সাধাৰণ সম্পাদক আছিল। ১৯৭৮ চনত তেওঁ মণিপুৰ আউটাৰ পাৰ্লিয়ামেণ্টাৰী সমষ্টিৰ পৰা প্ৰথমগৰাকী কংগ্ৰেছ (আই)প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। ১৯৮০ চনত তেওঁ মাও সমষ্টিৰ পৰা ম:ইপুৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ (আই)প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল আৰু স্বাস্থ্য, শক্তি, সহযোগিতা আৰু পৰিসংখ্যা মন্ত্ৰী হৈছিল।

১৯৮৫ত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল তেওঁ পুনৰ নিৰ্বাচিত হৈছিল আৰু কৃষি, শ্ৰম, আৰু জনজাতি উন্নয়ন মন্ত্ৰী হৈছিল। ১৯৯০ চনত তেওঁ পুনৰ নৰ্বাচিত হৈ ৰাজ্যিক মন্ত্ৰী হৈছিল। ১৯৯৬ তেওঁ মণিপুৰ প্ৰদেশ ইন্দিৰা কংগ্ৰেছ কমিটী (টি)ৰ সভাপতি হৈছিল আৰু ২০১২ৰ পৰা ২০১৪লৈকে মণিপুৰৰ নাগা পিপ্‌ল’ছ ফ্ৰণ্টৰ সভাপতি আছিল। আৰু ২০১৪ চনত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। মৃত্যৰ সময়লৈকে তেওঁ মণিপুৰৰ নাগাসকলৰ ৰাজনৈতিক ফৰামৰ আহ্বায়ক আছিল।