নাগা ফ্ৰেইমৱৰ্ক এগ্ৰিমেণ্টৰ সবিশেষ ৰাজহুৱা : চুবুৰীয়া ৰাজ্যৰ কোনো অংশ অন্তৰ্ভুক্ত নহয় নাগালিমত

RN_Ravi

সফল মধ্যস্থতাকাৰী আৰ এন ৰবি। ফাইল ফটো।

নগা ফ্ৰেমৱৰ্ক চুক্তি সন্দৰ্ভত উত্তৰ-পূবৰ জনসাধাৰণ, দল-সংগঠনৰ বহুদিনীয়া উৎকণ্ঠাৰ ওৰ পেলাই আজি নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰে প্ৰথমবাৰৰ বাবে চুক্তিখনৰ কিছু কথা ৰাজহুৱা কৰে। চৰকাৰৰ হৈ মধ্যস্থতাকাৰী আৰ এন ৰবিয়ে ১৯ জুলাইত এখন সংসদীয় কমিটীৰ আগত এই চুক্তিখনৰ কথা সদৰী কৰে।

উল্লেখযোগ্য যে উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ নাগা বসতিপ্ৰধান অঞ্চলবোৰক সামৰি এক পৃথক নাগালিম গঠন কৰাৰ বাবে কেইবা দশক জোৰা সশস্ত্ৰ আন্দোলন কৰি আহিছিল এন এছ চি এন নামৰ বিদ্ৰোহী সংগঠনটোৱে। ভাৰত চৰকাৰৰ সৈতে হোৱা কেইবা দশকজোৰা আলোচনাৰ ফলত যোৱা ২০১৫ চনৰ ৩ আগষ্টত ভাৰত চৰকাৰ আৰু এন এছ চি এন (আই-এম)ৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছিল। কিন্তু চুক্তিখনৰ সবিশেষ ৰাজহুৱা কৰা নাছিল কোনো পক্ষই। ফলত চুবুৰীয়া ৰাজ্যবোৰৰ অংশ নাগালিমত অন্তৰ্ভুক্ত হ’ব বুলি এক শংকাৰ পৰিৱেশ সৃষ্টি হৈছিল এই ৰাজ্যকেইখনত।

সংসদীয় কমিটীখনক চৰকাৰে জনোৱামতে, ভাৰত চৰকাৰ আৰু এন এছ চি এন (আই-এম)ৰ মাজত হোৱা চুক্তিখনত নাগা পক্ষটোৱে তেওঁলোকৰ পূৰ্বৰ ‘ভাৰতৰ সৈতে, ভাৰতৰ ভিতৰত নহয়’ স্থিতিৰ পৰা আঁতৰি আহি চুক্তিত চহী কৰে। অৰ্থাৎ পূৰ্বৰ স্থিতি সলনি কৰি ভাৰতৰ ভিতৰতে ‘বিশেষ ৰাজ্য’ত থকাৰ স্থিতি গ্ৰহণ কৰিছে নাগাসকলে।

এই চুক্তিমতে নাগালেণ্ডে ভাৰতৰ ভিতৰতে থাকি ‘বিশেষ মৰ্য্যাদা’ৰ ৰাজ্যৰ স্বীকৃতি লাভ কৰিব। এই বিশেষ মৰ্য্যাদাৰ সুবিধা চুবুৰীয়া ৰাজ্যবোৰত থকা নাগা লোকসকলেও সামান্য সালসলনি আৰু তেওঁলোকৰ আঞ্চলিক ভেদবোৰৰ সৈতে লাভ কৰিব পাৰিব।

আজি প্ৰকাশ পোৱা তথ্যমতে, ভাৰত চৰকাৰে নাগাসকলৰ মৌলিক ইতিহাসক স্বীকাৰ কৰি লৈছে।

আনহাতে কাষৰীয়া ৰাজ্যকেইখনে শংকা কৰি থকাৰ দৰে এইবোৰ ৰাজ্যৰ কোনো অংশ অন্তৰ্ভুক্ত নহয় নাগালিমত। অৰ্থাৎ সকলো নাগা বসতিপ্ৰধান অঞ্চলক লৈ বৃহত্তৰ নাগালিম গঠনৰ স্বপ্নৰ পৰা এই চুক্তিৰ জৰিয়তে আঁতৰি আহিছে নাগাপক্ষটো। সংসদীয় সমিতিক জনোৱা মতে, চুক্তিখনৰ ফলত নাগা বসতিপ্ৰধান ৰাজ্যখনৰ সীমাৰেখাৰ কোনো পৰিৱৰ্তন নহয়।

গতিকে, অসম, অৰুণাচল আৰু মণিপুৰৰ ৰাইজৰ বাবে স্বস্তিৰ বিষয় যে এই নাগা ফ্ৰেইমৱৰ্ক চুক্তিৰ ফলত সংকুচিত নহয় অসম, মণিপুৰ আৰু অৰুণাচলৰ সীমা।

চুক্তিখন সন্দৰ্ভত ১৯ জুলাইত সংসদীয় সমিতিক সবিশেষ দাঙি ধৰে ভাৰত চৰকাৰৰ হৈ মধ্যস্থতা কৰা আৰ এন ৰবিয়ে।