নাগা হোহো আৰু শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰৰ ক’ৰ কমিটি ভংগ

আজি এটা তাৎপৰ্য্যপূৰ্ণ পদক্ষেপেৰে নাগা হোহোবিলাক আৰু শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰৰ ক’ৰ কমিটিখনে নিজকে ভংগ কৰি দিয়ে।

আজি এখন বৈঠকৰ পিছত ক’ৰ কমিটিখনে কয় যে যিহেতু যোৱা ২৯ জানুৱাৰিত কৰা ঘোষণাৰ পৰা ৰাজনৈতিক দলবোৰ আঁতৰি আহিল গতিকে হোহোবিলাক, শীৰ্ষস্থানীয় বেচৰকাৰী আৰু সামাজিক সংগঠনবোৰৰ সৈতে হোৱা সঘন বৈঠকৰ অন্তত ক’ৰ কমিটিখন ভংগ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। নাগা ৰাজনৈতিক সংকটটো নিৰ্বাচনৰ পূৰ্বেই সমাধান কৰাৰ দাবী জনাবলৈহে এই কমিটিখন গঠন কৰা হৈছিল বুলি বিবৃতিটোত কোৱা হৈছে।

উল্লেখযোগ্য যে ক’ৰ কমিটিয়ে ৰাজ্যৰ আটাইকেইটা ৰাজনৈতিক দলক লৈ যোৱা ২৯ জানুৱাৰিত এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰিছিল, য’ত উপস্থিত আটাইকেইটা দলৰ প্ৰতিনিধিয়ে নিৰ্বাচনৰ পৰা আঁতৰি থকাৰ সংকল্পত স্বাক্ষৰ কৰিছিল। কিন্তু ইয়াৰ কেইদিন মানৰ পিছতে স্বাক্ষৰকাৰী বিজেপিৰ প্ৰতিনিধিজনক দলৰ পৰা নিলম্বন কৰিছিল বিজেপিয়ে। পিছত কংগ্ৰেছ আৰু শাসনাধিষ্ঠিত এন পি এফে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল।

‘এই পৰিস্থিতিত ক’ৰ কমিটিয়ে নিজকে ভংগ কৰাৰ বাদে আন বিকল্প নাথাকিল। অৱশ্যে জানুৱাৰি ২৯ তাৰিখৰ ঘোষণাটো এতিয়াও অক্ষত আছে আৰু এই ঘোষণা অৱমাননা কৰা ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলক এতিয়াও নাগাৰ স্বাৰ্থতকৈ নিজৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়াৰ অভিযোগত অভিযুক্ত কৰা হ’ব।’ বিবৃতিটোত এইদৰে কোৱা হয়।

এইখিনিতে ক’ব পাৰি যে বিজেপি এই ক্ষেত্ৰত প্ৰথমটো দল, যি এই ঘোষণাটোক অৱমাননা কৰিলে।

নাগা সমস্যাৰ সমাধানৰ বাটত কোনে হেঙাৰ সৃষ্টি কৰিলে সেয়া নাগা ৰাইজে বিচাৰ কৰিব বুলিও কোৱা হৈছে বিবৃতিটোত।

আনহাতে বিজেপিয়ে দুজন সদস্যক নিলম্বন কৰা ঘোষণাটো প্ৰত্যাহাৰ কৰিছে বুলি জানিব পৰা গৈছে।