বহু বিবাদিত তথা বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক লৈ অসমৰ খিলঞ্জীয়া জনসাধাৰণে গভীৰ সংশয়ৰ মাজতে দিন অতিবাহিত কৰাৰ বিপৰীতে এই বিধেয়কখনৰ বিৰুদ্ধে অধিক সক্ৰিয় হৈ পৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ সংশ্লিষ্ট চৰকাৰসমূহ।
হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব আইন সংশোধন কৰিব বিচৰা সিদ্ধান্তৰ ইতিমধ্যেই প্ৰতিবাদ জনাইছে মেঘালয় চৰকাৰে। মেঘালয় চৰকাৰে কেবিনেটত আনুষ্ঠানিক সিদ্ধান্তগ্ৰহণ কৰি এই সংশোধনী ব্যৱস্থাৰ প্ৰতিবাদ জনাইছে।
একেদৰে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰঅস্তিত্ব ৰক্ষাৰ স্বাৰ্থত নাগালেণ্ড আৰু মিজোৰামেও বিধেয়কখনৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰিছে।
শেহতীয়াভাৱে মণিপুৰ চৰকাৰেও নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদ কৰিছে বুলি প্ৰকাশ কৰিছে ভিন্ন সংবাদ প্ৰতিষ্ঠানৰ সূত্ৰৰ। এন বীৰেন সিং নেতৃত্বাধীন মণিপুৰ চৰকাৰে খিলঞ্জীয়া লোকক অস্তিত্বহীন কৰিব বিচৰা কেন্দ্ৰৰ সিদ্ধান্তৰ প্ৰতিবাদ জনায় আৰু অৰুণাচল,নাগালেণ্ড, মিজোৰামৰ দৰে মণিপুৰতো ইনাৰলাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী জনায়।
বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে উত্তৰ-পূবৰ অন্যান্য ৰাজ্যৰ চৰকাৰসমূহে সবল স্থিতি গ্ৰহণ কৰাৰ বিপৰীতে অসমত বিদেশী নাগৰিকৰ বহিষ্কাৰ আন্দোলনৰ মাজেৰে অহা বৰ্তমানৰ অসম চৰকাৰৰ নেতৃবৰ্গই বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিব নোৱাৰাত সচেতন মহলে চৰম আশ্চৰ্য প্ৰকাশ কৰিছে।