নাগৰিকত্ব আইন সংশোধনী বিধেয়ক: অসমলৈ আহিব যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালা

Untitled-design-25-1068x475

হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ দিহা থকা নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সন্দৰ্ভত অসম ভ্ৰমণ কৰিব যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ । মঙলবাৰে অসম গণ পৰিষদৰ সঁজাতী দলৰ আগত এই কথা উল্লেখ কৰে সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাই।

উল্লেখ্য যে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ জৰিয়তে অবৈধ হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বিৰোধীতাৰে অগপৰ ৫ জনীয়া এটা প্ৰতিনিধি দলে সংসদীয় যুটীয়া সমিতিৰ অধ্যক্ষক সাক্ষাৎ কৰাৰ সময়ত তেওঁ এই কথা জানিবলৈ দিয়ে।

অগপ দলৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে সাক্ষাতৰ সময়ত উক্ত বিধেয়কখন অসমৰ স্বাৰ্থৰ পৰিপন্থী হোৱাৰ লগতে ই অসমৰ খিলঞ্জীয়া লোকৰ অস্তিত্বৰ প্ৰতিও ভাবুকিস্বৰূপ বুলি অভিহিত কৰে। তাৰোপৰি এই বিধেয়কে ঐতিহাসিক অসম চুক্তিক অৱমাননা কৰি ৰাজ্যখনৰ ভাষা, কৃষ্টি-সংস্কৃতিক নিশেষ কৰি পেলাব বুলিও সঁজাতি দলটোৱে উল্লেখ কৰে। লগতে এই বিধেয়ক জনমতক গুৰুত্ব দিবলৈ অনুৰোধ জনায় যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষক।

আনহাতে সঁজাতি দলৰ বক্তব্য শুনাৰ অন্তত সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাই এই বিধেয়ক সন্দৰ্ভত অসম ভ্ৰমণ কৰিব বুলি সঁজাতি দলটোৰ আগত উল্লেখ কৰে। লগতে এই ভ্ৰমণৰ সময়ত বিধেয়ক সম্পৰ্কত সকলোৰে লগত এক আলোচনা কৰিব বুলিও উল্লেখ কৰা দেখা যায়।

ইফালে অগপৰ পাঁচজনীয়া সঁজাতি দলটোৱে যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষৰ সৈতে দীঘলীয়া আলোচনাত মিলিত হোৱাৰ অন্তত বিষয়টো সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰি এখন স্মাৰক পত্ৰও প্ৰদান কৰে।

আনহাতে প্ৰতিনিধি দলটোৱে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সম্পৰ্কত সংসদীয় পৰিক্ৰমা মন্ত্ৰী অনন্ত কুমাৰকো সাক্ষাৎ কৰে আৰু দলৰ স্থিতিৰ বিষয়ে অৱগত কৰি অসমৰ জনমতৰ স্বাৰ্থত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি এই দলটোৱে শিৱসেনা আৰু বিজু জনতা দলৰ সংসদীয় নেতা দুগৰাকীকো সাক্ষাৎ কৰি অসমৰ ৰাইজৰ পক্ষত সংসদত মাত মাতিবলৈ আহ্বান জনায়।

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সন্দৰ্ভত আৰম্ভণিৰ পৰাই বিৰোধ প্ৰদৰ্শন কৰি অহা অসম গণ পৰিষদৰ এই সঁজাতি দলটোত আছিল বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ লগতে কমলাকান্ত কলিতা, ৰমেন্দ্ৰনাৰায়ন কলিতা, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী আৰু প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস।