নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰোধিতাৰে নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চৰ দিচপুৰত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট

Citizen_Agitation

নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চই অহা ১২ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰ প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ খনৰ বিৰোধিতাৰে আৰু এই সম্পৰ্কত গঠন কৰা যুটীয়া সংসদীয় কমিটিক দিল্লীৰ পৰিৱৰ্তে অসম আহি অসমৰ মানুহ সাক্ষ্য লোৱাৰ দাবী জনাই তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্য্যসূচী লৈছে।

লগতে এই স্পৰ্শকাতৰ তথা গম্ভীৰ বিষয়টো চালি-জাৰি চাবলৈ আৰু জনসাধাৰণৰ মতামত ল’বলৈ দেশৰ সংসদে গঠন কৰি দিয়া যুটীয়া সংসদীয় কমিটিখনৰ স্বয়ং অধ্যক্ষ ৰাজেন্দ্ৰ আগ্ৰৱালে বিষয়টোৰ মীমাংস নহওঁতেই ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ সপক্ষে ৰাজহুৱা মন্তব্য কৰা বাবে তেওঁক তৎকালে কমিটিখনৰ পৰা অপসাৰণ কৰাৰ দাবীও তুলিছে মঞ্চই।

নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চই কেন্দ্ৰীয় চৰকাৰক দিল্লীৰ পৰা অসমৰ ভাগ্য নিৰ্ণয় নকৰিবলৈও সকীয়াই দিছে। নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিল কৰক, অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব দি সংস্থাপন দিয়াৰ ষড়যন্ত্ৰ বাতিল কৰাৰ দাবী তোলাৰ লগতে বিদেশী মাতি বদনৰ দৰে জাতি ধ্বংসৰ ষড়যন্ত্ৰ কোনে কৰে বুলিও প্ৰশ্ন উত্থাপন কৰিছে।

মঞ্চৰ সূত্ৰই জনোৱামতে এই তিনি ঘণ্টীয়া প্ৰতীক অৱস্থান ধৰ্মঘটৰ কাৰ্য্যসূচী ১২ এপ্ৰিলৰ পুৱা ১১.০০ বজাৰ পৰা আৰম্ভ কৰিব। অৱস্থান গ্ৰহণৰ স্থান হ’ব দিচপুৰৰ গণেশমন্দিৰ উদ্যান (দিচপুৰ প্ৰেছ ক্লাব চৌহদ)। মঞ্চই সকলো সচেতন নাগৰিক, বুদ্ধিজীৱী, সাংবাদিক, শিক্ষাবিদ, শিল্পী, সাহিত্যিক, সংগ্ৰামী আৰু অসমপ্ৰেমী ৰাইজক এই প্ৰতিবাদী কাৰ্য্যসূচীটোত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।