‘অসম চুক্তি’য়ে নিৰ্ধাৰণ কৰি দিয়া ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশাৰ পিছত অনুপ্ৰৱেশ কৰা কোনো অবৈধ বিদেশীক অসমে গ্ৰহণ নকৰে। সেয়া হিন্দু অথবা মুছলমান যি ধৰ্মৰে নহওক কিয়। এই মত ‘নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চ’ৰ।
আজি গুৱাহাটীৰ প্ৰশাসনীয় পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত অনুষ্ঠিত ‘নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬’ সন্দৰ্ভত যুটীয়া সংসদীয় কমিটিয়ে গ্ৰহণ কৰা শুনানিত ভাগ লৈ ড০ হীৰেন গোঁহাইৰ নেতৃত্বত যোৱা মঞ্চৰ ৫ জনীয়া প্ৰতিনিধি দলে উক্ত বিধেয়কৰ বিৰোধিতাৰে কমিটিৰ হাতত প্ৰায় ১১০ পৃষ্ঠাৰ এখন বিস্তৃত স্মাৰকপত্ৰ প্ৰদান কৰে।
শুনানিত ভাগ লোৱা প্ৰতিনিধি দলটোৰ সদস্যকেইগৰাকী হৈছে মঞ্চৰ অধ্যক্ষ ড০ হীৰেন গোঁহাইৰ, হৰেকৃষ্ণ ডেকা, উদয়াদিত্য ভৰালী, মঞ্চৰ আহ্বায়ক মনজিৎ মহন্ত আৰু অধিবক্তা শান্তনু বৰঠাকুৰ।
অসমৰ খিলঞ্জীয়া ৰাইজৰ দাবীক উপেক্ষা কৰি ‘অসমৰ ওপৰত এনে অসাংবিধানিক আৰু বেআইনী সিদ্ধান্ত জাপি দিলে ৰাজ্যখনৰ পৰিস্থিতি ভয়ংকৰ হ’ব’ বুলিও প্ৰতিনিধি দলটোৱে সংসদীয় কমিটিক স্পষ্ট ভাষাৰে সকীয়াই দিয়ে।
এই স্মাৰকপত্ৰৰ লগত মঞ্চই সমিটিৰ হাতত বিভিন্ন আইনী তথ্য-পাতিৰ উপৰি দিল্লী উচ্চ-ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ কেইবাটাও ৰায় তথা প্ৰব্ৰজনৰ ওপৰত বিশেষজ্ঞৰ গৱেষণাৰ ভিত্তিত যুগুতোৱা এক প্ৰতিবেদনো দাখিল কৰে।
৪২ মিনিট জুৰি চলা এই উক্ত আলোচনাত মঞ্চই কমিটিয়ে উত্থাপন কৰা প্ৰতিটো প্ৰশ্নৰ আইনী আৰু ঐতিহাসিক তথ্য দাঙি ধৰে।
‘নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চ’ৰ ফালৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ মতে যুটীয়া সংসদীয় কমিটীৰ প্ৰায় প্ৰতিগৰাকী সদস্যই মঞ্চৰ স্মাৰকপত্ৰৰ লগতে তেওঁলোকে দাঙি ধৰা যুক্তি মুকলিকৈ শলাগ লোৱাৰ লগতে ই কমিটিখনৰ বাবে এক গুৰুত্বপূৰ্ণ দলিল হ’ব বুলি উল্লেখ কৰে।