নাগৰিকত্ব বিধেয়কক লৈ ব্যাপক গণ-বিৰোধিতা সত্ত্বেও জয়ৰ আশা এৰা নাই বিজেপিয়ে

BJP

বিজেপিৰ প্ৰতীক। ফাইল ছবি।

নাগৰিকত্ব বিধেয়কক লৈ অসমত বৃ্হৎ প্ৰতিবাদৰ সন্মুখীন হোৱা সত্ত্বেও পঞ্চায়ত নিৰ্বাচনত সফলতা লাভৰ আশা এৰা নাই বিজেপিয়ে। পঞ্চায়ত নিৰ্বাচনত নামিবৰ বাবে অসমৰ শাসনাধিষ্ঠ বিজেপি দল প্ৰস্তুত নহয় বুলি বিৰোধী কংগ্ৰেছে জনাই অহা প্ৰত্যাহ্বান নস্যাৎ কৰি পঞ্চায়ত নিৰ্বাচনত উল্লেখনীয় সফলতা লাভৰ আশা কৰিছে বিজেপিয়ে।

‘যিকোনো মুহূৰ্তত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’লেও বিজেপিয়ে উল্লেখনীয় সফলতা লাভ কৰিব বুলি আমি আশাবাদী,’ মন্তব্য ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ।

নিৰ্বাচনৰ বাবে দলটো সম্পূৰ্ণ সাজু বুলিও গুৱাহাটীৰ মালিগাওঁস্থিত ৰং ভৱনত আজি ৫ জুলাইত আয়োজিত সংবাদমেলত মন্তব্য কৰিছে বিজেপি নেতাজনে।

‘পঞ্চায়ত নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টি সম্পূৰ্ণ সাজু হোৱাই নহয়, নিৰ্বাচনৰ লগত জড়িত প্ৰতিটো বিষয়ত ইতিমধ্যে নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰি উলিয়াইছে,’ মন্তব্য দিলীপ শইকীয়াৰ।

দলটোৰ বিৰুদ্ধে অপপ্ৰচাৰহে চলোৱা হৈছে বুলি দাবী কৰি শইকীয়াই কয় যে পঞ্চায়ত নিৰ্বাচন সোনকালে অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়ুক্তক বিজেপিয়ে কেবাবাৰো মৌখিক আৰু লিখিতভাৱে আহ্বান জনাইছে।

তেওঁ লগতে কয় যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে গ্ৰামাঞ্চলৰ দ্ৰুত উন্নয়নৰ বাবে বিজেপি সংকল্পবদ্ধ।

ৰাজ্যিক বিজেপিৰ নেতাজনে লগতে জনাই যে সভাপতি ৰঞ্জিত কুমাৰ দাসে গঠন কৰি দিয়া নীতি নিৰ্ধাৰণ সমিতিৰ সিদ্ধান্তমৰ্মেই দলটো পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ’ব।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীৰ লগতে কেবাজনো মন্ত্ৰী, সাংসদ, বিধায়ক আৰু বিষয়ববীয়াকক লৈ এই সমিতি গঠন কৰা হৈছে।