বৰ্তমান সময়ত বেছিভাগ মানুহেই মেদবহুলতাৰ বাবে অসুবিধা পায়।যদি মেদবহুলতাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বিচাৰিছে তেন্তে কিছুমান বিশেষ বস্তু খোৱাৰ পৰা বিৰত থাকক।
১/ শৰীৰত অতিৰিক্ত চৰ্বি জমা হ’লে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। ইয়াৰ কাৰণে কম বয়সৰ পৰাই ৰোগ হ’বলৈ আৰম্ভ কৰে।
২/ অত্যধিক ময়দাৰ সামগ্ৰী সেৱনে পাচনতন্ত্ৰৰ লগত জড়িত সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু মেদবহুলতা বঢ়ায়,এনে সামগ্ৰী এৰাই চলিব পাৰিলে ভাল৷
৩ চেনি অতিৰিক্তভাৱে সেৱন কৰিলে মেদবহুলতাকে ধৰি বহুতো ৰোগ হ’ব পাৰে।সেয়ে সীমিত পৰিমাণ আৰু কমকৈ চেনিৰ সেৱন কৰাটো উচিত৷
৪/ মেদবহুল লোকে ভাত খোৱা হ্ৰাস কৰা উচিত। ভাত খোৱাৰ ফলত মেদবহুলতা বৃদ্ধি পায় আৰু ডায়েবেটিছৰ দৰে ৰোগ হ’ব পাৰে।
৫/বগা পাওৰুটি বা হোৱাইট ব্ৰেড খোৱাৰ ফলত মেদবহুলতা বৃদ্ধি পায় আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।সেয়েহে এনে খাদ্য পৰাপক্ষত এৰাই চলা উচিত৷
৬/ অতিৰিক্ত মিঠাইজাতীয় সামগ্ৰী সেৱন কৰিলে দাঁতৰ সমস্যা হয় আৰু মেদবহুলতা বৃদ্ধি পায়।