NORTHEAST NOW (Assamese)

নাগৰিকত্ব বিধেয়কখন নালাগে ঠিকেই, কিন্তু অসম চুক্তিখন মানি ল’লেও ডাঙৰ ভুল কৰা হ’ব : ডাঃ সত্যকাম ফুকন

June 24, 2018 10:43 pm · কল্পজ্যোতি শইকীয়া
Updated: June 24, 2018 10:45 pm
খানাপাৰাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত অনুষ্ঠিত প্ৰতিবাদী সভাত ডাঃ সত্যকাম ফুকন।

“২০০৯ চনত অসম চুক্তিৰ পৰা জন্ম হোৱা নাগৰিকত্ব আইনৰ ৬ নং দফাৰ বিৰোধিতা কৰি আইনৰ কাষ চাপিবৰ বাবে এজন উকীলৰ ওচৰত এই সম্পৰ্কে এখন আৱেদন লৈ উকীলৰ ওচৰলৈ গৈছিলো। আৱেদনখন চাই উঠি তেওঁ মোক ক’লে, ‘বিদেশী সমস্যাটো হিন্দু-মুছলিম পৰিক্ৰমা, মই বিজেপিত যোগদান কৰিছো, তুমিও কৰা, এইবোৰ আৱেদন দি লাভ নাই।‘ তেওঁলোকে এতিয়া প্ৰব্ৰজন বিৰোধী মঞ্চ এখন খুলি লৈছে, তেওঁলোকে কেৱল মুছলিম মানুহ খেদিব বিচাৰে, হিন্দু মানুহক খেদিব নোখোজে।”

আজি খানাপাৰাত খিলঞ্জীয়া মঞ্চ অসমৰ উদ্যোগত আয়োজিত ‘নাগৰিকত্ব সংশোধনী বিধেয়ক’ৰ বিৰোধিতাৰ প্ৰতিবাদী কাৰ্য্যসূচীত উপস্থিত থাকি অসম চুক্তিৰ ৬ নং দফাৰ আলমত নাগৰিকত্ব আইনত সংযোগ হোৱা ৬ নং দফাটোৰ বিষয়ত আজি এইদৰে কয় অসমীয়া লিপিৰ স্বতন্ত্ৰ য়ুনিক’ড মান প্ৰাপ্তিৰ বাবে যুঁজি দি থকা ডাঃ সত্যকাম ফুকনে।

তেওঁ লগতে কয়, “২০০৯ চনৰ ৩ জুলাইত মোৰ কেছটো ফাইল কৰিছিলো। কিন্তু মোৰ কেছটো উঠিবলৈ নিদিলে আৰু তথ্য ভুল বুলি ক’লে। পিছত এক সূত্ৰৰ পৰা গম পালো, মোৰ আৱেদনখন উচ্চতম ন্যায়ালয়ত উঠিবই নিদিলে। মোৰ নিচিনাই গোচৰ এটা বৰ্তমান মতিউৰ ৰহমানে চলাই আছে, উচ্চতম ন্যায়ালয়ত।

মতিউৰ ৰহমানক সমৰ্থন নজনালেও তেওঁ দাখিল কৰা গোচৰটোক সমৰ্থন জনাওক। হীৰেন গোহাঁয়ে অসম চুক্তি অনুসৰি মানি লোৱা কথাটোত ভোল নাযাব।”

আনহাতে তেওঁ ড০ হীৰেন গোহাঁয়ে অসম চুক্তি মৰ্মে সকলোবোৰ হ’ব লাগে বুলি কোৱাটোত ভোল নাযাবলৈও কয়। তেওঁ কয়, “আজি কিছুদিন আগত হীৰেন গোহাঁই আৰু তেওঁৰ সতীৰ্থসকলে প্ৰেৰণ কৰা এটা প্ৰেছ বিজ্ঞপ্তি পাইছিলো। তাত তেওঁলোকে লিখিছিল ‘আমাক নাগৰিকত্ব সংশোধনী বিধেয়কখন নালাগে, অসম চুক্তি মৰ্মে সকলোবোৰ হ’ব লাগে।‘ তেতিয়া মই ই-মেইলযোগে এই নাগৰিকত্ব বিধেয়কখন নালাগে ঠিকেই, কিন্তু অসম চুক্তিখন মানি ল’লে ডাঙৰ ভুল কৰা হ’ব বুলি কৈছিলো।”

“ৰোহিণী বৰুৱা, যিজন হৰিশংকৰ ব্ৰহ্ম কমিটিৰ সদস্য, তেওঁৰ ওচৰতো নাগৰিকত্ব আইনখননো কি, সেই সম্পৰ্কে আলোচনা কৰিব বিচাৰিলো। তেৱোঁ মূল বিষয়টো সঁচা অৰ্থত নাজানে। তেতিয়া মই কিনি আছিলো নাগৰিকত্ব আইনখন।

গোটেইখন তন্ন-তন্নকৈ চাওঁতে দেখিলো অসম চুক্তিৰ কাৰণে নাগৰিকত্ব আইনত ৬ নং(ক) অনুচ্ছেদ এটা ৰখা হৈছে। তাত কোৱা হৈছে যে ১৯৫১ আৰু ১৯৭১ চনৰ মাজত যিসকল লোক বাংলাদেশৰ এলেকাসমূহৰ পৰা আহিছে তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ’ব। কিন্তু সেইখন কেৱল অসমত প্ৰযোজ্য। ভাৰতৰ অন্য ভূমিত প্ৰযোজ্য নহয়। পশ্চিম বংগত সেই সময়খিনিত প্ৰৱেশ কৰি নাগৰিকত্ব ল’বলৈ বিচৰাজনে নাগৰিকত্ব পোৱা নাছিল, কিন্তু অসমত সোমাব বিচৰাজনে সেই সুবিধা পাব।”

অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত এইদৰে কৈ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে ডাঃ ফুকনে।

Related News