নাগৰিকত্ব বিধেয়কৰ বাতিলৰ দাবীত গৌৰীসাগৰত অগপৰ বৃহৎ প্ৰতিবাদী জোঁৰ সমদল

Protest against Citizenship Bill

নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ৰ বাতিল কৰাৰ দাবীত সমগ্র ৰাজ্য উত্তাল হৈ থকাৰ সময়তে আজি অগপৰ গৌৰীসাগৰ ব্লক সমিতিৰ উদ্যোগত তথা ম’ৰাবজাৰ আৰু জকাইচুক জিলা পৰিষদ নিৰ্বাচন পৰিচালনা সমিতিৰ সহযোগত বৃহত্তৰ অঞ্চলটোৰ সৰ্বস্তৰৰ ৰাইজৰ অংশগ্ৰহণেৰে আজি সন্ধ্যা এক বৃহৎ প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰা হয়।

গৌৰীসাগৰৰ পৰিবহন নিগমৰ বাছ আস্থানৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে প্ৰতিবাদকাৰী  ৰাইজে হাতে হাতে জোঁৰ, প্লেকাৰ্ডলৈ ‘নাগৰিকত্ব (সংশোধনী) বিধেয়ক শীঘ্ৰে বাতিল কৰক’, ‘বি জে পি চৰকাৰ হায় হায়’, ‘বিদেশী নাগৰিকৰ নাম বহিৰ্ভুত এখন শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুত কৰক’, ‘অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰক’, ‘জাতি ধ্বংসী বিধেয়কৰ প্ৰবক্তা বিজেপি দল হুচিয়াৰ’, ‘আহ ঐ আহ ওলাই আহ’ আদি শ্ল’গানেৰে আকাশ বতাহ কপাই তোলে।

নামদাঙ শিলৰ সাঁকোৰ পৰা সমদলটো আহি পুনৰ গৌৰীসাগৰ তিনিআলিত সমবেত হৈ জাতীয় অস্তিত্ব ৰক্ষা আন্দোলনত প্ৰাণ আহুতি দিয়া ৮৫৫ গৰাকী জাতীয় শ্বহীদৰ ত্যাগক সুঁৱৰি অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমলৈ অহা হিন্দুৱে হওক বা মুছলমানেই  হওক এজনো বাংলাদেশীৰ বোজা অসমে বহন নকৰে আৰু অনাগত দিনত বিজেপিয়ে অবৈধ বিদেশীৰ বোজা জাপি দিব খোজা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদ কৰি যাব বুলি উপস্থিত ৰাইজে সংকল্প গ্ৰহণ কৰে।

গৌৰীসাগৰ ব্লক অগপৰ অন্তৰ্গত মুঠ ১১ খন আঞ্চলিক সমিতিৰ লগতে কেউখন আঞ্চলিকৰ যুৱ আৰু মহিলা পৰিষদৰ কৰ্মীয়ে অংশগ্ৰহণ কৰা আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত গৌৰীসাগৰ ব্লক অগপৰ সভাপতি, সম্পাদক ক্ৰমে পদ্ম শইকীয়া আৰু যদুমণি গোস্বামী, কৃষক পৰিষদৰ সম্পাদক ৰঞ্জিত বৰুৱা, মহিলা পৰিষদৰ প্ৰণতি নেওগকে ধৰি বহুকেইজন নেতা কৰ্মী উপস্থিত আছিল।