নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ খিলঞ্জীয়া মঞ্চৰ; বিজেপি চৰকাৰ, ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে সৰৱ জিতেন দত্ত

Jiten Dutta, ULFA leader delivering speech in a protest Meeting in protest of Citizenship Amendment Bill, 2016 by Khilanjia Manch Asom held at Khanapara on 24-06-18. Pix by UB PHOTOS.

বিজেপিয়ে উত্থাপন কৰা নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীৰ খানাপাৰাত অনুপ চেতিয়া নেতৃত্বাধীন খিলঞ্জীয়া মঞ্চ, অসমৰ প্ৰতিবাদত বিধেয়কখনক লৈ কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে আজি ২৪ জুনত সৰৱ হৈ পৰিল আলফা নেতা জিতেন দত্ত।

বিধেয়কখনৰ বিৰুদ্ধে কৰি অহা গণতান্ত্ৰিক প্ৰতিবাদ কেন্দ্ৰৰ বিজেপি চৰকাৰে নুবুজিলে আনকি অগণতান্ত্ৰিক পথ লোৱাৰ হুংকাৰো পুনৰ দোহাৰিলে জিতেন দত্তই। ‘যদি কেন্দ্ৰীয় চৰকাৰে আমাৰ গণতান্ত্ৰিক পদ্ধতিক বুঢ়া আঙুলি দেখুৱাই, তেন্তে অগণতান্ত্ৰিক পদ্ধতিৰে অস্তিত্ব ৰক্ষাৰ বাবে চেষ্টা কৰিম,’ ঘোষণা কৰিলে দত্তই।

ভাৰত ৰাষ্ট্ৰক প্ৰতিবাদৰ কেন্দ্ৰলৈ টানি আনি ‘অসমৰ ‘অ’ মোৰ আপোনাৰ দেশ’ জাতীয় সংগীতটোক যদি ভাৰতৰাষ্ট্ৰই সন্মান জনায়, তেন্তে ‘জন-গণ-মন’ গোৱাত কোনো আপত্তি নাথাকে’ বুলিও দত্তই মত প্ৰকাশ কৰে।

তেওঁ লগতে কয় ‘মোক যদি অসমৰ মাটিত মাত মাতি যোৱা তথা মূৰ তুলি জীয়াই থকাৰ অধিকাৰ দিয়ে, তেন্তে মই ক’ম, মই এজন অসমীয়া হৈয়ো এজন ভাল ভাৰতীয়।‘

আনহাতে ‘অসমৰ দল-সংগঠনসমূহে যুৱ প্ৰজন্মক আন্দোলন, অনশন কৰিবলৈ শিকাই জাতীয় চেতনা নাইকিয়া কৰি দিলে’ বুলি মত প্ৰকাশ কৰি দত্তই কয় যে ‘অসমীয়া জাতি ৰক্ষা কৰিবলে হ’লে যুৱশক্তি আগবাঢ়ি আহিব লাগিব। অনশন, জোঁৰ লৈ প্ৰতিবাদেৰে কেতিয়াও জাতিটোক ৰক্ষা কৰিব নোৱাৰো।’

‘লাচিতে দি যোৱা আদৰ্শৰে হয় মাৰিম, নহ’লে মৰিম; জাতিৰ অস্তিত্ব সুৰক্ষিত কৰিম,’  বুলি যুৱপ্ৰজন্মক আগুৱাই আহিবলৈ আহ্বান জনায় আলফা নেতাজনে।

তেওঁ কয় ‘যদি কোনোবাই মোক এখন গালত চৰ দিবলৈ চেষ্টা কৰে, তেন্তে মই তেওঁৰ দুখন গালত দুটা চৰ লগাই মোৰ অধিকাৰ সাব্যস্ত কৰিবলৈ চেষ্টা কৰিম।’