NORTHEAST NOW (Assamese)

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে পাঠশালাত বিশাল প্ৰতিবাদ কংগ্ৰেছৰ; ৫০ হাজাৰ গণস্বাক্ষৰ প্ৰেৰণ

May 23, 2018 11:11 pm · শশাংক তালুকদাৰ

বিজেপিয়ে নাগৰিকত্ব সংশোধন বিধেয়ক ( Citizenship Amendment Bill ) গৃহীত কৰিব খুজিলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব কংগ্ৰেছ। বিধেয়কখনৰ বিৰুদ্ধে পাঠশালাত আজি ২৩ মে’ত কংগ্ৰেছৰ এক বিশাল প্ৰতিবাদী কাৰ্য্যসূচীত এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

কংগ্ৰেছে আজি বজালীৰ মহকুমাধিপতিৰ যোগেদি নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে যুটীয়া সংসদীয় সমিতিলৈ আজি ৫০ হাজাৰ লোকৰ স্বাক্ষৰ প্ৰেৰণ কৰে। কিছুদিন পূৰ্বেও দলটোৱে বৰপেটাৰ উপায়ুক্তৰ যোগেদি ১.৫ লাখ লোকৰ স্বাক্ষৰ প্ৰেৰণ কৰিছিল।

নাগৰিকত্ব বিধেয়কখনত বাধা দিয়াৰ বাবে কংগ্ৰেছে সকলো প্ৰচেষ্টা চলাব বুলি সদৰী কৰি কংগ্ৰেছ নেতা বৰাই ‘জাতি, মাটি, ভেটি’ ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি চৰকাৰক তীব্ৰভাৱে সমালোচনা কৰে।

আনহাতে অসম চুক্তিক অৱমাননা কৰা বিধেয়কখন কেৱল ক্ষমতাৰ বাবেই সহ্য কৰি যোৱা বুলি বৰাই অগপ দলকো দোষাৰোপ কৰে।

পাঠশালাৰ ৰাজীৱ ভৱনৰ পৰা মহকুমাধিপতিৰ কাৰ্য্যালয়লৈ ওলোৱা প্ৰতিবাদী শোভাযাত্ৰাত জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মা, বজালী আৰু ভৱানীপুৰ ব্লক কংগ্ৰেছৰ অৰুণ দাস আৰু ফকৰুদ্দিন আহমেদ, জিলাখনৰ তিনি কংগ্ৰেছ বিধায়ক বাঘবৰৰ চেৰমান আলী, সৰুক্ষেত্ৰীৰ জাকিৰ হুছেইন আৰু জনিয়াৰ আব্দুল খালেকো উপস্থিত আছিল।

কংগ্ৰেছে ১৪ৰ পৰা ২৪ মে’লৈ নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্য্যসূচীৰ অংশ হিচাপেই বৰপেটা কংগ্ৰেছৰ উদ্যোগত আজিৰ কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছিল।

Related News