নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে প্ৰতিবাদ সাব্যস্ত কৰিব চাহ মজদুৰ সংঘই

udalguri-te-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ-বিক্ষোভৰ জুই। ইতিমধ্যে ৰাজ্যখনৰ সৰ্বস্তৰৰ জনসাধাৰণ তথা দল-সংগঠনে বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে মাৰবান্ধি ওলাই আহি সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। ঠিক সেইদৰে অসম চাহ মজদুৰ সংঘইও এই জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে ঘোষণা কৰিছে প্ৰতিবাদ।

বৃহস্পতিবাৰে চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাতোৱাৰে এখন সংবাদ মেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে। সংগঠনটোৱে সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে অহা ২৬ মে’ৰ পৰা ৭ জুনলৈ জোঁৰ সমদল কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সংগঠনটৱে বিধেয়কখনৰ বিৰোধিতাৰে সংগ্ৰহ কৰিব গণস্বাক্ষৰ।

ইয়াৰ উপৰি প্ৰতিবাদকাৰীসকলে নিজৰ নিজৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে এই বহু বিতৰ্কিত নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে যুটীয়া সংসদীয় সমিতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব।

‘বিগত কেইবা সপ্তাহ ধৰি উক্ত বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে। ৰাজ্যৰ দল-সংগঠনৰ প্ৰতিবাদক ৰাজ্য চৰকাৰে কোনো গুৰুত্ব আৰোপ কৰা নাই। অসমীয়া জাতি ৰক্ষাৰ এই প্ৰতিবাদ আৰু অধিক শক্তিশালী কৰি তুলিবলৈ আমি প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছো’। ঘাটোৱাৰে সংবাদ মেলত এই কথা সদৰী কৰে।

উল্লেখ্য যে ব্ৰহ্মপুত্ৰ উপত্যকাত ৮৭৫ খন পঞ্জীয়নকৃত চাহ বাগিছা আছে। আৰু চাহ মজদুৰ সংঘৰ সংগঠনটোৱে এই চাহ বাগিছাসমূহৰ লাখ লাখ শ্ৰমিকক প্ৰতিনিধিত্ব কৰি আহিছে। সেই ফালৰ পৰা লক্ষ্য কৰিলে বিধেয়কখনৰ বিৰুদ্ধে চাহ মজদুৰ সংঘৰ প্ৰতিবাদ মনকৰিবলগীয়া হ’ব।