নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাত মুখ্য মন্ত্ৰীৰ গৃহ সমষ্টি চাবুৱাত মটক ছাত্ৰ সন্থাৰ মুণ্ডন

dharani

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যজুৰি অব্যাহত আছে বিক্ষোভ- প্ৰতিবাদৰ জোৱাৰ।সোমবাৰে চকা বন্ধৰ মাজতেই ডিব্ৰুগড় জিলাৰ চাবুৱাত সদৌ অসম মটক ছাত্ৰ সন্থাই নাগৰিক সংশোধনী বিধেয়ক ২০১৬ৰ বাতিলৰ দাবীত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷ সংগঠনটোৰ আহ্বানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱাত সমূহীয়া মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰে মটক ছাত্ৰ সন্থাই৷

সমূহীয়া মুণ্ডন কাৰ্যসূচী ৰূপায়ণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬-ৰ বিৰুদ্ধে সংগঠনটোৱে তীব্ৰ প্ৰতিবাদ জনায়৷ অসমৰ আন্দোলনৰ সময়ত অসমীয়া যুৱকে দিয়া আত্মবলিদান অথলে যাবলৈ দিয়া নহ’ব বুলিও সংগঠনটোৱে হুংকাৰ দিয়ে। মুণ্ডন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি নিৰেন শইকীয়া, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত নেওগ, ডিব্ৰুগড় জিলাৰ সভাপতি মানসজ্যোতি শইকীয়াই জাতিদ্ৰোহী বিধেয়কখন বাতিলৰ দাবী জনায় ৷

উল্লেখযোগ্য যে অসমত সম্প্ৰতি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবী উত্থাপন কৰিছে সৰ্বস্তৰৰ ৰাইজে।কিন্তু এই ক্ষেত্ৰত জাতি- মাটি- ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদীত অধিষ্ঠিত হোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰখনে কোনো ভূমিকা গ্ৰহণ কৰা নাই। ইয়াকে লৈ বৰ্তমানো অগ্নিগৰ্ভা হৈ আছে ৰাজ্যখন।