নাগৰিকত্ব বিধেয়ক : ইতিহাসত প্ৰথমবাৰ সত্ৰাধিকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সত্ৰভূমি মাজুলীত

AASU

সত্ৰভূমি মাজুলীত নজিৰবিহীন ইতিহাস সৃষ্টি কৰি আজি ২০ এপ্ৰিলত সত্ৰাধিকাৰৰ বিৰুদ্ধে হ’ল প্ৰতিবাদ।

ধৰ্মৰ ভিত্তিত বিদেশীক দেশৰ নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব বিধেয়ক ( Citizenship Amendment Bill )ক যোৱা ১৭ এপ্ৰিলত দিল্লীত হোৱা শুনানিত সমৰ্থন কৰাক লৈ মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ বিৰুদ্ধে প্ৰতিবাদত নামিল সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে আন কেবাটাও সংগঠন।

মাজুলীৰ জিলা সদৰ গড়মূৰত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ বিৰুদ্ধে মুখত ক’লা কাপোৰ বান্ধি আজি প্ৰতিবাদ কৰে মাজুলী ছাত্ৰ সন্থাই।

আনহাতে অসমৰ প্ৰায় সকলো সংগঠনে সৰ্বাত্মক বিৰোধিতা কৰা নাগৰিকত্ব বিধেয়কখনক সত্ৰাধিকাৰজনে সমৰ্থন কৰাৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কমলাবাৰীস্থিত কাৰ্যালয়ত কালি ১৯ এপ্ৰিলত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়।

পৰিষদৰ সভাপতি জগত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত টি এম পি কে, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে স্থানীয় কেইবাগৰাকী সচেতন ব্যক্তিও উপস্থিতি থাকে। বিধেয়কখনক লৈ সত্ৰাধিকাৰ দেৱগোস্বামীয়ে দিয়া বক্তব্য ৰাজহুৱা কৰিবলৈ দাবী জনাই ইয়াৰ অন্যথা তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তোলাৰো হুংকাৰ দিয়ে সংগঠনসমূহে।

সমগ্ৰ বিষয়টো সন্দৰ্ভত সত্ৰাধিকাৰ দেৱগোস্বামীৰ স্থিতি জানিব বিচৰাত সত্ৰাধিকাৰগৰাকীয়ে এন নাও-ক দিল্লীৰ শুনানিত ‘আমি অসমৰ অহিত কোনো কথা কোৱা নাই’ বুলি মন্তব্য কৰিছিল। কিন্তু ‘আইনখন অকল অসমৰ কাৰণে নহয়, গোটেই ভাৰতৰ কাৰণে’ বুলি মন্তব্য কৰাত তেওঁ বিধেয়কখনক সমৰ্থন কৰাৰ কথা পৰোক্ষভাৱে স্বীকাৰ কৰাতো ওলাই পৰিছিল।

সত্ৰাধিকাৰ দেৱগোস্বামীয়ে কৰা মন্তব্যত জাঙুৰ খাই উঠি ছাত্ৰ সন্থাই ‘অহিত’ নোহোৱা কথাখিনি স্পষ্টকৈ অসমৰ ৰাইজক জনাবলৈ দাবী জনাইছিল।

যোৱা ১৭ এপ্ৰিলত নতুন দিল্লীত অনুষ্ঠিত হোৱা যুটীয়া সংসদীয় সমিতিৰ আগত দিয়া ভাষ্য সমিতিৰ সদস্য ভুৱনেশ্বৰ কলিতাই ৰাজহুৱা কৰাৰ পিছত জনাৰ্দন দেৱগোস্বামীৰ লগতে অসম সত্ৰ মহাসভাৰ স্থিতিক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল