নাগৰিকত্ব বিধেয়ক, নাগৰিকপঞ্জী আৰু সাংবিধানিক ৰক্ষা কৱচ সম্পৰ্কত যৌথ সংগ্ৰামৰ সিদ্ধান্ত আছু-সাহিত্য সভাৰ

গুৱাহাটীৰ শ্বহীদ ভৱনত অনুষ্ঠিত এখন যৌথ সভাত আছু আৰু সাহিত্য সভাৰ প্ৰতিনিধিসকল। ফটো : ইউ বি

সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সাহিত্য সভাৰ বৃহস্পতিবাৰে গুৱাহাটীৰ শ্বহীদ ভৱনত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ আৰু মুখ্য উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত আছুৰ এটি দলে আলোচনাত অংশগ্ৰহণ কৰে। আনহাতে অসম সাহিত্য সভাৰ তৰফৰ পৰা সভাপতি ড০ পৰমানন্দ ৰাজবংশী, সাধাৰণ সম্পাদক পদুম ৰাজখোৱা আৰু কৰ্ণধাৰ সমিতিৰ ড০ বলেন্দ্ৰ কুমাৰ দাস সহ এটি প্ৰতিনিধি দলে সভাত অংশ গ্ৰহণ কৰে।

দুয়োটা প্ৰতিনিধি দলৰ মাজত হোৱা আলোচনাৰ পিছত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত আছে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’ৰ বিৰোধিতা, অসম চুক্তিৰ ৰূপায়ন আৰু সাংবিধানিক ৰক্ষা কৱচৰ দাবী।

সভাই নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’ৰ তীব্ৰ বিৰোধিতা কৰাৰ কথা দোহাৰি যৌথ সভাই জাতিধ্বংসী বিধেয়কখন শীঘ্ৰেই প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে। সভাই লগতে চৰকাৰক অসমীয়া খিলঞ্জীয়া লোকৰ পক্ষত থাকি বিধেয়কখন বাতিলৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়।

আছু আৰু সাহিত্য সভাই অসম চুক্তি ৰূপায়নৰ বাবে সময় নিৰ্দ্ধাৰিত কাৰ্যসূচী গ্ৰহণৰ পোষকতা কৰে। অসম চুক্তিৰ আধাৰত অসমৰ খিলঞ্জীয়া লোকক শীঘ্ৰেই সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰাৰো দাবী কৰিছে যৌথ সভাই।

ভাৰত-বাংলা সীমান্ত যুদ্ধকালীনভাৱে ছীল কৰাৰ বাবে দাবী জনোৱাৰ লগতে অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ পিছৰ অবৈধ বাংলাদেশী বহিস্কাৰৰ বাবে ভাৰত-বাংলাদেশৰ মাজত দ্বিপাক্ষিক চুক্তি সম্পাদনৰ দাবী জনায়।

সভাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত তথা তদাৰকীত চলি থকা নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত পূৰ্বৰ দৰে সহযোগিতা আগবঢ়াই যোৱাৰ কথা দোহাৰে। আনহাতে, নাগৰিক পঞ্জী উন্নীতকৰণৰ কামত জড়িত বিষয়া-কৰ্মচাৰীসকলক জাতীয় দায়িত্ব হিচাপে গ্ৰহণ কৰি দুগুণ উৎসাহেৰে কাম কৰি যাবলৈ আহ্বান জনায়। তদুপৰি সভাই খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দি অহা জনপ্ৰতিনিধিসকলকো শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

অহা ২৭ মে’ত অসম সাহিত্য সভাই আয়োজন কৰা জাতীয় অভিৱৰ্তনখন সফল কৰি তোলাৰ ক্ষেত্ৰত আছুৱে সহোগিতা আগবঢ়াব। একেদৰে ২৯ মে’ত আছু আৰু ২৮ টা জনগোষ্ঠীয় সংগঠনে গুৱাহাটীৰ চানমাৰি খেলপথাৰত আয়োজন কৰা গণ অনশন কাৰ্যসূচীত সাহিত্য সভাৰ এটি দলে অংশগ্ৰহণ কৰিব বুলি জানিব দিয়ে।