NORTHEAST NOW (Assamese)

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত গুৱাহাটীত উকীল সন্থাৰ প্ৰতিবাদ সাব্যস্ত

June 12, 2018 2:46 pm · কল্পজ্যোতি শইকীয়া

নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ প্ৰত্যাহাৰৰ দাবীত গ্ৰহণ কৰা কাৰ্যসূচী অনুসৰি সদৌ অসম উকীল সন্থাই আজি গুৱাহাটীত নিজৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে কামৰূপ জিলা উপায়ুক্তক সাক্ষাৎ কৰি তেওঁৰ জৰিয়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু যুটীয়া সংসদীয় কমিটিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

সন্থাৰ ফালৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হয়, ‘ভাৰতীয় সংবিধানৰ চাৰিতা অনুচ্ছেদ ক্ৰমে ৬, ২১, ২৯ আৰু ৩২৬ৰ দেখ দেখ উলংঘন কৰি এই বিধেয়কখনৰ যোগেদি বৃহৎ সংখ্যক লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব খোজা প্ৰক্ৰিয়াটোৱে অসমীয়া ভাষা, সংষ্কৃতি, কলা-সাহিত্য সকলো দিশতে এক প্ৰত্যহ্বানৰ সৃষ্টি কৰিব।’

আনহাতে, যোৱা ৮ জুনত ডকমকাত দুজনকৈ যুৱকৰ হত্যাকাণ্ডৰ ঘটনাক উকীল সন্থাই তীব্ৰ গৰিহণা দিয়ে। উকীল সন্থাৰ সভাপতি শৈলেন দাসে এই ঘটনাত জড়িত ব্যক্তিসকলক উপযুক্ত শাস্তি দিবলৈ আহ্বান জনাই কয় বিষয়টোক লৈ কোনো লোক বা সংগঠনে যাতে ৰাজনীতিকৰণ নকৰে তাৰ বাবে আহ্বান জনায়।

Related News