নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত কোকৰাঝাৰত সদৌ বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ অনশন কাৰ্যসূচী

কোকৰাঝাৰ চহৰৰ উপায়ুক্ত কাৰ্যলয়ৰ সমীপৰ শিশু উদ্যানত আজি নাগৰিক সংশোধনী বিধেয়ক, ২০১৬ৰ বাতিলকৰণৰ দাবীত সদৌ বিটিচি নাথ যোগী ছাত্ৰ সন্থাই আজি ৭ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।

অনশন কাৰ্যসূচী ৰূপায়ণ কৰি সন্থাৰ সভাপতি প্ৰণৱ নাথে বিধেয়কখন অসমবাসীৰ বাবে ভাবুকি স্বৰূপ বুলি উল্লেখ কৰি ইয়াক কোনোপধ্যে মানি লোৱা নহ’ব বুলি হুংকাৰ দিয়ে।

তাৰোপৰি প্ৰণৱ নাথে কয় যে বিধেয়কখন জোৰ জুলুমভাৱে অসমবাসীক জাঁপি দিব দিলে বিটিচি নাথ যোগী ছাত্ৰ সন্থাই হাত সাবটি বহি নাথাকে আৰু ইয়াৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

আজিৰ অনশন কাৰ্যসূচীত সদৌ বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তপন নাথ, শীৰ্ষ নেতা পিয়লি নাথৰ উপৰি নাথ যোগী মহিলা সন্মিলনীৰ কেইবা সহস্ৰাধিক নেতা, কৰ্মীয়ে অংশ গ্ৰহণ কৰে।

অনশন কাৰীসকলে পিছত দাবী সম্বলিত এখন স্মাৰকপত্ৰ দেশৰ ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীলৈ জিলা উপায়ুক্তৰ যোগে পৃথকে পৃথকে প্ৰেৰণ কৰে ৷

উল্লেখযোগ্য যে কাৰ্বি আংলঙৰ ডকমকাত যোৱা ৮ জুনত এচাম দুৰ্বৃত্তৰ বলি হোৱা গুৱাহাটীৰ দুই উদীয়মান যুৱক ক্ৰমে- নিলোৎপল দাস আৰু অভিজিৎ নাথক ৰোমন্থন কৰি আজি সদৌ বিটিচি নাথ যোগী ছাত্ৰ সন্থাই অনশনথলীৰ পৰাই যুৱকদ্বয়ৰ প্ৰতিকৃতিত মাল্যপৰ্ণৰে শুদ্ধাঞ্জলি জ্ঞাপন কৰি এনে জঘন্য হত্যাকাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দি দোষীক চিনাক্ত কৰি ৰাজহুৱা ফাঁচিৰ দাবী উত্থাপন কৰে ৷