NORTHEAST NOW (Assamese)

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত ঢেকীয়াজুলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদী সমদল

May 26, 2018 11:25 pm · এন ই নাও নিউজ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ঢেকীয়াজুলি আঞ্চলিক সমিতিয়ে আজি ঢেকীয়াজুলিত এক প্ৰতিবাদী সমদল বাহিৰ কৰে৷ ঢেকীয়াজুলি চহৰৰ ৰবীন্দ্ৰ ভৱনৰ সন্মুখৰ পৰা দিনৰ ১২:৩০ বজাত উলিওৱা এই প্ৰতিবাদী সমদলত ঢেকীয়াজুলিৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে৷

সমদলত অংশগ্ৰহণকাৰীসকলে ‘অসম চুক্তি অনুসৰি বিদেশী বহিষ্কাৰ কৰক’, ‘নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক’, ‘বাংলাদেশীক বহিষ্কাৰ কৰক’ আদি বিভিন্ন শ্ল’গানেৰে ঢেকীয়াজুলিৰ আকাশ-বতাহ উত্তাল কৰি তোলে৷

উক্ত সমদলত ঢেকীয়াজুলি শাখা সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ বৰা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, কেন্দ্ৰীয় সদস্য প্ৰণৱজোতি কলিতাৰ লগতে জিলা তথা আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকলৰ লগতে ঢেকীয়াজুলি জ্যেষ্ঠ নাগৰিক সংস্থা, ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থা, অসম গণ পৰিষদ, নাগৰিক মঞ্চ, আমছু, মুছলিম ছাত্ৰ সন্থা আদি সংগঠনৰ সদস্যসকলে অংশগ্ৰহণ কৰে৷

সমদলৰ অন্তত অনুষ্ঠিত এক প্ৰতিবাদী সভাত উপস্থিত থাকি অগপৰ তেজপুৰ জিলা সমিতিৰ সভাপতি ৰাতুল কুমাৰ নাথ, ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি শংকৰ দাস, মুছলিম ছাত্ৰ সন্থাৰ উপদেষ্টা বদৰুল ইছলাম, আমছুৰ জিলাৰ কাৰ্যকৰী সভাপতি ৰহমত আনচাৰী, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জিলাৰ উপ-সভাপতি সুজিত কটকী, পৰিষদৰ ঢেকীয়াজুলি আঞ্চলিক সমিতিৰ সভাপতি ধৰণী কেওঁট আদিয়ে ভাষণ প্ৰদান কৰে।

অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদৰ লগতে আজিৰ এই প্ৰতিবাদী কাৰ্যসুচীত অংশগ্ৰহণ কৰা সংগঠনসমূহে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ৷

Related News