নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত বিশ্বনাথৰ দিৰিঙত বিভিন্ন দল-সংগঠনৰ গণ বিক্ষোভ কাৰ্যসূচী

বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন, ২০১৬ বাতিল আৰু অসম চুক্তি আখৰে আখৰে ৰূপায়ণৰ দাবীত পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ধূলী শাখা ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, কৰ্মচাৰী পৰিষদৰ লগতে দিৰিং-ধূলীবাসী ৰাইজৰ সহযোগত এক বিশাল গণ বিক্ষোভ কাৰ্য্যসূচীৰে বিশ্বনাথৰ দিৰিং পথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে।

সহস্ৰাধিক জনগণৰ অংশগ্ৰহণত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্য্যসূচীটোত প্ৰতিবাদকাৰী সকলে ‘নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল কৰক, অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰক, ১৯৭১ চনৰ পিছত অহা হিন্দু বাংলাদেশীয়ে হওক মুছলমান বাংলাদেশীয়ে সকলো অসম এৰি যাবই লাগিব, অসম বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়’ আদি প্ৰতিবাদী শ্ল’গানেৰে ধূলীৰ আকাশ বতাহ কপাঁই তোলে।

প্ৰতিবাদী সমদলটোত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী, সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ উপদেষ্টা মংগল বে’, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অজমত শ্বেখ, সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক মংগল ৰংহাঙকে ধৰি আৰু আন আন দল-সংগঠনৰ সদস্যসকলে অংশ গ্ৰহণ কৰে।

আনহাতে বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী ৰাইজৰ সহযোগত প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী সফল কৰি তোলা পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হেমন্ত সোনা সম্পাদক, জিন্টু বৰাই আন্দোলন কাৰী ৰাইজক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰে।