নাগৰিকত্ব বিধেয়ক বাতিল, অন্যথা অস্ত্ৰধাৰণ : সোণোৱাললৈ চূড়ান্ত পত্ৰ ৪ হাজাৰ ছালফাৰ

'Scam' in Assam IPR and PnRD departments, AASU demands CBI investigation

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ছবি।

বিজেপি প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ( Citizenship Bill ) বাতিল নকৰিলে পুনৰ অস্ত্ৰ লোৱাৰ হুংকাৰেৰে মুখ্য মন্ত্ৰী সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে সদৌ অসম আত্মসমৰ্পনকাৰী আলফা সমিতিয়ে।

বিজেপিয়ে বিধেয়কখন আইনত পৰিণত কৰিবলৈ আগবাঢ়িলে আত্মসমৰ্পনকাৰী ৪০০০ আলফা সদস্যই অস্ত্ৰ তুলি ল’বলৈ সংকোচ নকৰিব বুলি মুখ্য মন্ত্ৰীক সকীয়নি দি সমিতিয়ে বিদেশীক ধৰ্মৰ নামত ভাগ ভাগ নকৰি অসম চুক্তিৰ আধাৰত অসমক অবৈধ বিদেশীমুক্ত কৰিবৰ বাবে চৰকাৰক জৰুৰী পদক্ষেপ লোৱাৰ বাবে দাবী জনাইছে।

অসমৰ ‘ৰাইজক বিশ্বাসঘাতকতা কৰা’ ‘জাতীয় নায়ক’ সৰ্বানন্দ সোণোৱাল আৰু প্ৰধান মন্ত্ৰী মোদীক সমালোচনা কৰি স্মাৰক পত্ৰখনত কোৱা হৈছে যে বিজেপি ক্ষমতালৈ আহিলে অসমৰ পৰা বিদেশী নোহোৱা হ’ব বুলি আশা কৰি অসমৰ ৰাইজে দলটোক ভোট দিছিল, কিন্তু নিৰ্বাচনৰ পিছতে তেওঁলোকে সম্পূৰ্ণ বিপৰীত স্থিতি লৈ এতিয়া বিদেশী আনি ভৰাবহে খুজিছে।

তেওঁলোকে লগতে কয় যে কেন্দ্ৰই দিয়া প্ৰতিশ্ৰুতি পালন কৰিব বুলি আশা কৰিহে ১৯৯১ চনত আলফা সদস্যসকলে আত্মসমৰ্পন কৰিছিল।

অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ দৰে অসমকো জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰা আৰু অসমত আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা কৰাৰ বাবেও সমিতিয়ে দাবী জনাইছে।