নাগৰিকত্ব বিধেয়ক : বিধান সভাৰ বিশেষ অধিৱেশন দাবী বাওঁ গণতান্ত্ৰিক মঞ্চ-নাঃ আঃ সংশোধনবিৰোধী মঞ্চৰ

Former Chief Ministers of Assam Tarun Gogoi and Prafulla Kumar Mahanta along with Scholar Hiren Gohain and other leaders of various organisations raising hands during jointly protest meeting against Citizenship (Amendment) Bill organised by Forum against Citizenship Act Amendment Bil and left Democratic Manch in Guwahati on 31-05-18. Pix by UB Photos

বাওঁ গণতান্ত্ৰিক মঞ্চ আৰু নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চৰ উদ্যোগত আজি ৩১ মে’ত আয়োজিত ধৰ্মঘটত বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব বিধেয়ক ( Citizenship Amendment Bill )ৰ বিৰুদ্ধে হাতে হাত ধৰি থিয় হ’ল অসমৰ দুয়োজন প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, প্ৰফুল্ল কুমাৰ মহন্ত, বাওঁপন্থী নেতা হেমেন দাস আৰু বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁই।

অসম বিধান সভাত নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে দাবী জনাই দুয়ো মঞ্চই আজি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক স্মাৰক পত্ৰ দিয়াৰ লগতে মুখ্য মন্ত্ৰী সোণোৱাললৈও স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ‘যুঁজ বাওঁপন্থী-সোপন্থী নহয়, সকলো পন্থীৰে,’ গণ ধৰ্মঘটত ভাগ লৈ ক’লে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। ‘অসমীয়া মানুহৰ গৰমটো উঠে লাহে লাহে, যেতিয়া গৰমটো উঠে তেতিয়া আকৌ সহজে নানামে’ বুলি মন্তব্য কৰি গগৈয়ে ‘সকলো মিলিছো যেতিয়া এই সংগ্ৰামত আমি জিকিমেই; তাত কোনো সন্দেহ নাই’ বুলি দৃঢ়তাৰে মন্তব্য কৰে।

আনহাতে বিজেপি উত্থাপিত বিধেয়কখনে সংঘাত সৃষ্টি কৰিব বুলি মন্তব্য কৰি আনজন প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তই ‘ধৰ্ম নিৰপেক্ষ ভাৰতত কিদৰে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিব’ বুলি বিজেপি চৰকাৰক প্ৰশ্ন কৰে। ‘আজিযে আমি ইয়াত লগ হৈছো সাপে নেউলে, এই কথাই প্ৰমাণ কৰিছে, আমি অসমৰ স্বাৰ্থত একেলগে মাত মাতিব পাৰো,’ ক’লে মহন্তই।

জনতা দল (এচ)ৰ প্ৰবীন নেতা, প্ৰাক্তন বিধায়ক ৰমনী বৰ্মনে চৰকাৰৰ সিদ্ধান্তক ‘কলংকিত ঐতিহাসিক অধ্যায়’ বুলি আখ্যা দিয়ে।

বিধেয়কখনে ‘ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিব বিচৰাতো অসম চুক্তিৰ সম্পূৰ্ণ পৰিপন্থী’ বুলি উল্লেখ কৰি ধৰ্মঘটথলীত কংগ্ৰেছ দলপতি দেৱব্ৰত শইকীয়াই কয় যে ‘অসম চুক্তি অনুসৰিয়েই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম চলি থকাৰ সময়ত অসম চৰকাৰৰ কিছুসংখ্যক মন্ত্ৰী, বিধায়কে অযুক্তিসংগত মন্তব্য কৰি আহিছে।

ধৰ্মঘটত নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চৰ সদস্যসকল, বাওঁ গণতান্ত্ৰিক মঞ্চৰ অংশীদাৰ চিপিআই, চিপিআই এম, চিপিআই এম এল, অসম সংগ্ৰামী মঞ্চ, আপ, জনতা দল (এচ), সমাজবাদী পাৰ্টি, ফৰৱাৰ্ড ব্লক, আৰ চি পি আই, এলডিপি, এনচিপিৰ প্ৰতিনিধিৰ উপৰি আন কিছু দল-সংগঠন-ব্যক্তিও উপস্থিত থাকে।