NORTHEAST NOW (Assamese)

নাগৰিকত্ব বিধেয়ক বিৰোধিতা : অকলে গণস্বাক্ষৰ সংগ্ৰহত জঁপিয়াই পৰিছে বিশ্বনাথৰ কংকুমণি

May 12, 2018 11:56 pm · কাজি জেইদুল ইছলাম

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ( Citizenship Amendment Bill 2016 )ৰ বিৰুদ্ধে বিভিন্ন সংগঠনৰ লগতে এইবাৰ ৰাজপথলৈ ওলায় আহিছে বিশ্বনাথৰ এজন যুৱক| বিশ্বনাথৰ কংকুমনি বৰকটকীয়ে অকলশৰেই কাৰ্যত বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওলাই অহাৰ পিছতে সংগ দিয়ে পাঠশালাৰ হেমাংগ পাটগিৰি আৰু গুৱাহাটীৰ কৈলাশ বৰুৱা আৰু শান্তনু ডেকা নামৰ যুৱক দুজনে।

‘দেশমাতৃৰ সেৱাৰ বাবে কাৰো আদেশ নালাগে’ হীৰুদাৰ ভাষাৰ অনুপ্ৰেৰণাতেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰিছে কংকুমনিয়ে|

প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা আৰু বিদেশী মুক্ত অসমৰ স্বাৰ্থত কংকুমনি আৰু তেওঁক সহযোগ কৰা যুৱককেইজনৰ এই অভিযানে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত কংকুমনিয়ে কৰ্মৰ মাজতে দেশৰ হকে তথা জাতি মাটি ভেটিৰ বাবে থকা দায়িত্ব কৰ্তব্য প্ৰতিজন নাগৰিকে শ্ৰদ্ধাৰে আদৰিচে বিশেষকৈ গণতান্ত্ৰিক ভাৱে প্ৰতিবাদ কৰিবলৈ অন্তত: মন থাকিলেই যে দেশ মাতৃৰ বাবে সেৱা কৰিব পাৰি তাৰেই এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে বিশ্বনাথৰ এইজন যুৱক কংকুমনি বৰকটকীয়ে|

Related News