নাগৰিকত্ব বিধেয়ক সন্দর্ভত প্ৰতিবেদন দাখিলৰ বাবে অধিক সময় বিচাৰিলে যুটীয়া সংসদীয় সমিতিয়ে

parliament-570x320

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সন্দৰ্ভত যুটীয়া সমিতিক সংসদৰ চলিত বৰ্ষাকালীন অধিৱেশনৰ অন্তিম সপ্তাহত প্ৰতিবেদন দাখিলৰ কাৰণে সময় নিৰ্ধাৰণ কৰি দিয়া হৈছিল। কিন্তু সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাই প্ৰতিবেদন দাখিলৰ  সময় বৃদ্ধিৰ বাবে জনোৱা আবেদনৰ পৰিপ্ৰেক্ষিতত এতিয়া শীতকালীন অধিৱেশনতহে উক্ত প্ৰতিবেদন দাখিলৰ সম্ভাৱনা আছে।

শেহতীয়াকৈ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাৰ নেতৃত্বত সমিতিয়ে যোৱা ৭ মে’ৰ পৰা ১১ মে’লৈ গুৱাহাটী, শিলচৰ আৰু শ্বিলং ভ্ৰমণ কৰাৰ অন্তত এই বিষয়টো সন্দৰ্ভত অধিক ৰাজ্য ভ্ৰমণ কৰাৰ প্ৰয়োজন অনুভৱ কৰি  প্ৰতিবেদন দাখিলৰ সময় বৃদ্ধিৰ বাবে অধ্যক্ষই সংসদত অনুৰোধ জনাইছে।

অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাই প্ৰতিবেদন দাখিলৰ সময় বৃদ্ধিৰ বাবে আবেদন জনাই এইক্ষেত্ৰত এক প্ৰস্তাৱ গ্ৰহণ কৰাৰ বাবেও সদনত দাখিল কৰা পত্ৰত অনুৰোধ জনাইছে। তেওঁ উল্লেখ কৰিছে যে শেহতীয়া ভ্ৰমণৰ সময়ত সমিতিয়ে প্ৰায় ৪৪৭টা দল-সংগঠন তথা ব্যক্তি বিশেষৰ মতামত গ্ৰহণ কৰিছিল। বিধেয়কখন সন্দৰ্ভত কোনো চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত কৰাৰ পূৰ্বে সমিতিয়ে অধিক ৰাজ্য ভ্ৰমণ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে।

তদুপৰি, বৃহৎসংখ্যক প্ৰব্ৰজনকাৰী থকা বুলি সন্দেহ কৰা ৰাজ্যসমূহৰ জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বিষয়টো অধিক দল-সংগঠন তথা ব্যক্তিৰ মতামত গ্ৰহণ কৰিব লাগিব বুলিও অধ্যক্ষই উক্ত পত্ৰখনত উল্লেখ কৰিছে।

আনহাতে, ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ সৈতে জড়িত কেতবোৰ বিষয় উচ্চতম ন্যায়ালয়ৰ বিবেচনাধীন হৈ থকাৰ কথা উল্লেখ কৰি অধ্যক্ষ আগৰৱালাই বিষয়টো সন্দৰ্ভত গৃহ মন্ত্ৰ্যালয়ক বিষয়সমূহৰ অগ্ৰগতি সন্দৰ্ভত সমিতিক নিয়মীয়াকৈ অৱগত কৰাৰ বাবে অনুৰোধ জনোৱাৰ কথাও পত্ৰখনত উল্লেখ কৰিছে।

ইপিনে, অসমত সম্পূৰ্ণ হ’বলৈ আগবঢ়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়েও বিধেয়কখনত প্ৰভাৱ পেলাব বুলি তেওঁ উল্লেখ কৰি সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি  নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰতিবেদন দাখিলৰ বাবে সমিতিক অধিক সময় প্ৰদান কৰিবলৈ অধ্যক্ষই অনুৰোধ জনাইছে। তেওঁ লগতে এইক্ষেত্ৰত এক প্ৰস্তাৱ গ্ৰহণ কৰিবলৈও সংসদক অনুৰোধ জনাইছে।

অধ্যক্ষই চলিত বৰ্ষৰ শীতকালীন অধিৱেশনৰ অন্তিম সপ্তাহৰ প্ৰথম দিনটোলৈকে সমিতিক নিজৰ প্ৰতিবেদন দাখিলৰ কাৰণে সময় বৃদ্ধি কৰিবলৈ উক্ত পত্ৰখনত উল্লেখ কৰিছে। দুই এদিনতে সদনত এই বিষয়ে প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে সংসদে এই সময় বৃদ্ধিত অনুমোদন জনোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে সমিতিৰ প্ৰতিবেদন দাখিলৰ সময় ইয়াৰ পূৰ্বে ইতিমধ্যে পাঁচবাৰ বৃদ্ধি কৰা হৈছে।