নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে মিত্ৰজোঁট ত্যাগ কৰিব অগপই : প্ৰফুল্ল কুমাৰ মহন্ত

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ (এন আৰ চি) খচৰা প্ৰকাশৰ সময়সীমা বৃদ্ধি কৰাৰ পিছতে ৰাজ্যখনৰ বহুতো ব্যক্তি আৰু সংগঠনে অভিযোগ কৰিছিল যে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ গৃহীত কৰি হিন্দু বাংলাদেশীক সংস্থাপনৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই একেই অভিযোগ এইবাৰ উত্থাপন কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।

প্ৰফুল্ল কুমাৰ মহন্তই আজি প্ৰকাশ কৰিছে যে এন আৰ চিৰ খচৰা প্ৰকাশৰ সময়সীমা বৃদ্ধি কৰাৰ একমাত্ৰ কাৰণ হৈছে চৰকাৰে হিন্দু বাংলাদেশীক সংস্থাপিত কৰিব বিচাৰিছে। তেওঁ কয় যে যিকোনো কাৰণতে এইয়া মানি ল’ব নোৱাৰি, কিয়নো শীঘ্ৰেই নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৭ গৃহীত কৰি সকলো হিন্দু বাংলাদেশীৰ লগতে অসম আৰু ভাৰতৰ বিভিন্ন অংশত বসবাস কৰি থকা ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত ভাৰতলৈ অহা বিভিন্ন ধৰ্মৰ (মুচলমানক বাদ দি) শৰণাৰ্থীক নাগৰিকত্ব প্ৰদান কৰিব।

মহন্তই লগতে কয় যে যদি এনে হয় তেতিয়াহ’লে অগপ আৰু বেছিদিনলৈ বিজেপিৰ সৈতে মিত্ৰতাত আবদ্ধ হৈ নাথাকে। মহন্তই কয় যে এন আৰ চিৰ খচৰা প্ৰকাশৰ প্ৰক্ৰিয়াত বিলম্ব ঘটিলে ই তৃতীয় শক্তিক সুযোগ দিব। তেওঁ ২০১৭ ৰ ৩১ ডিচেম্বৰৰৰ ভিতৰত খচৰা প্ৰকাশ কৰাৰ দাবী উত্থাপন কৰে। উল্লেখ্য যে কেইদিনমান আগতে একেধৰণৰ অভিযোগ উত্থাপন কৰি হিন্দু বাংলাদেশীক সংস্থাপনৰ বাবেই এন আৰ চিৰ খচৰা প্ৰকাশত চৰকাৰে বিলম্ব কৰিছে বুলি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও মত প্ৰকাশ কৰিছিল।