নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আমগুৰিত কৃষক মুক্তিৰ প্ৰতিবাদ

citizen

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

অসমত হিন্দু বাংলাদেশী সংস্থাপনৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দিয়াৰ চেষ্টা চলাই থকাক লৈ বিক্ষোভৰ দাবানল জ্বলি আছে সমগ্ৰ ৰাজ্যত। জাতিধ্বংসী বিধেয়কখনক একেমুখে গৰিহনা দিছে ৰাজ্যৰ প্ৰায়বোৰ দল- সংগঠনে।

ইয়াৰ মাজতে শিৱসাগৰ জিলাৰ আমগুৰিত কালি কৃষক মুক্তি সংগ্ৰাম সমিতিসহ কেইবাটাও জাতীয়তাবাদী দল-সংগঠনে বিধেয়ক বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰী দল- সংগঠন সমূহে বিধেয়কখনৰ বিৰুদ্ধে এটা প্ৰতিবাদী সমদল উলিওৱাৰ লগতে এখন  সভাও অনুষ্ঠিত কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ টাই আহোম ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্র সন্থা, টাই আহোম যুব পৰিষদ, আহোম জাতীয় গণমঞ্চ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ লগতে কেইবাটাও জাতীয় দল- সংগঠনে অংশ লৈ জাতিধ্বংসী সিদ্ধান্ত বাতিলৰ দাবী জনায়৷

প্ৰায় ৫ সহশ্ৰাধিক লোকে অংশ গ্ৰহণ কৰা প্ৰতিবাদী সভাত উপস্থিত থাকে অসম মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে৷ উল্লেখযোগ্য যে ইতিমধ্যে সমগ্ৰ ৰাজ্যতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ জনজাগৰণ সৃষ্টি হৈছে আৰু সকলোৱে একেমুখে বিধেয়কখন বাতিল কৰাৰ দাবী জনাইছে। তাৰ মাজতেই কৃষক মুক্তিৰ উদ্যোগত শিৱসাগৰ জিলাত ৫ সহস্ৰাধিক লোকে কাৰ প্ৰতিবাদ যথেষ্ট তাৎপৰ্যপূৰ্ণ।