নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ যুটীয়া কমিটীৰ সভাপতিক অসম ভ্ৰমণ কৰিবলৈ আহ্বান মুখ্য মন্ত্ৰীৰ

Citizenship-Amendment-Bill-2016-570x320

নাগৰিকত্ব (সংশোধনী) বিধেয়ক-২০১৬ সন্দৰ্ভত অসমত চলি থকা সম্প্ৰতিক অৱস্থা সন্দৰ্ভত অৱগত হৈ অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিধেয়কখনৰ বিভিন্ন দিশ চালি জাৰি চোৱাৰ বাবে গঠন হোৱা যুটীয়া কমিটীৰ সভাপতি ৰাজেন্দ্ৰ অগ্ৰৱালক  বিধেয়কখনৰ শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ বাবে অসম  ভ্ৰমণৰ আমন্ত্ৰণ জনাইছে।

মুখ্যমন্ত্ৰীয়ে নতুন দিল্লীত বৃহস্পতিবাৰে আবেলি এই সন্দৰ্ভত অগ্ৰৱালৰ সৈতে বিতং আলোচনা হৈছে আৰু তেওঁক যিমান পাৰি সোনকালে অসম ভ্ৰমণ কৰাৰ বাবে অনুৰোধ জনাইছে বুলি মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ চৰকাৰী সূত্ৰ এটাই এন ই নাওৰ আগত প্ৰকাশ কৰিছে।

অসমত নাগৰিকত্ব (সংশোধনী) বিধেয়ক-২০১৬ উত্থাপনৰ ফলত সৃষ্টি হোৱা সাম্প্ৰতিক অৱস্থাৰ বিষয়ে বিধেয়কখনৰ যুটীয়া কমিটীৰ সভাপতি  অগ্ৰৱালক  অৱগত কৰে।

মুখ্যমন্ত্ৰীজনে বিষয়টো গহমন্ত্ৰী ৰাজনাথ সিঙৰ সৈতেও আলোচনা কৰে।

ইতিমধ্যে, বাতৰি লাভ কৰা মতে সাংবিধানিক বিচাৰপীঠখনে বাংলাদেশীৰ অন্তৰ্ভুক্তিৰ অন্তিম বছৰটো মে’ মাহৰ ১৮ তাৰিখৰ পূৰ্বে সিদ্ধান্ত কৰিব।

নাগৰিকত্ব আইনৰ ধাৰা ৬(ক) অনুসৰি অসম সন্মিলিত মহাসংঘই জনোৱা এখন আৱেদনৰ শুনানিৰ পাছত মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ এ এম খন্দিকাৰে উচ্চতম ন্যায়ালয়ত জনাইছে যে এপ্ৰিলত এখন সাংবিধানিক বিচাৰপীঠ স্থাপন কৰা হ’ব।

নাগৰিকত্ব আইন-১৯৫৫ৰ ১৯৮৫ চনত হোৱা সংশোধনী অনুসৰি এই ধাৰাটো সূচনা কৰা হৈছিল। ধাৰা-৬ (ক) অনুসৰি ১৯৬৬ৰ ১ জানুৱাৰিত বা তাৰ পাছত অহা কিন্তু ১৯৬৬ চনৰ ২৫ মাৰ্চৰ আগতে এক বিশেষ এলেকাৰ পৰা (নাগৰিকত্ব (সংশোধনী) আইন-১৯৮৫ প্ৰৱৰ্তন হোৱাৰ সময়ত বাংলাদেশৰ সকলো এলেকাক অন্তৰ্ভুক্ত কৰা হৈছ) অসমলৈ অহা সকল অসমৰ বাসিন্দা।