অসম চুক্তিৰ অৱমাননা তথা নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ’ব : অগপ

অসম চুক্তিৰ অৱমাননা কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব খোজা কাৰ্য্যক মানি নলয় বিজেপিৰ মিত্ৰ দল অগপই।আজি মহানগৰীৰ আমবাৰীস্থিত মুখ্য কাৰ্য্যালয়ত অগপ দলৰ এখন  বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত এইদৰে দৃঢ়তাৰে কয় দলটোৰ সভাপতি অতুল বৰাই। নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অগপ পূৰ্বৰ স্থিতিত অটল আছে বুলি সভাপতিজনে মন্তব্য কৰে। নাগৰিকত্ব সংশোধনী  বিধেয়কৰ বিৰোধিতা কৰি অহা অগপই কোনো কাৰণতে হিন্দু বাংলাদেশীৰ সংস্থাপন মানি নলয়। অসম চুক্তিৰ আধাৰত বিদেশী সমস্যা সমাধান হ’ব লাগে আৰু নাগৰিকত্ব আইনৰ সংশোধনে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক সম্পূৰ্ণ অৰ্থহীন কৰিব বুলিও সভাপতিজনে তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে। আনহাতে এই সন্দৰ্ভত অগপই নিজৰ স্থিতি জনাই আজি সভাৰ মজিয়াৰ পৰাই ফেক্সযোগে কেন্দ্ৰীয় গৃহ মন্ত্ৰীলৈ নাগৰিকত্ব আইনখনৰ সংশোধনী বন্ধ কৰিবলৈ আহ্বান জনাইছে বুলি ne now ক জানিবলৈ দিয়ে। লগতে দলটোৱে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতো হিন্দু-বাংলাদেশীৰ প্ৰসংগটো আৰু নাগৰিকত্ব আইন সংশোধনীৰ বিষয়ে আলোচনা কৰিব বুলি জানিবলৈ দিয়ে। ইয়াৰ উপৰি অহা ২১ তাৰিখে গুৱাহাটীত আৰু ২২ ডিচেম্বৰ তাৰিখে অগপই প্ৰত্যেক জিলাতে বিষয়টোত সজাগতা সৃষ্টিৰ লক্ষৰে নাগৰিক সভা  অনুষ্ঠিত কৰিব বুলি সভাত সিদ্ধান্ত গ্ৰহণ কৰে। অতুল বৰাই সভাপতিত্ব কৰা বৈঠকখনত অন্যান্য বহুকেইটা বিষয়ৰ ওপৰতো আলোচনা কৰা হয়।

উল্লেখযোগ্য প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থই যোৱা ১১ ডিচেম্বৰত ne now ৰ আগত প্ৰকাশ কৰিছিল যে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে যিসকল হিন্দু বাংলাদেশী বাংলাদেশত ধৰ্মীয় সংখ্যালঘু হিচাপে অত্যাচাৰৰ বলি হৈ ভাৰতলৈ আহিছিল, সেইসকল লোকক নাগৰিকপঞ্জীৰ খচৰাত নাম অন্তৰ্ভুক্তি কৰাৰ বাবে বৰাক উপত্যকা বিজেপি সমন্বয় কমিটীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছিল।

আনহাত সততে বিতৰ্কিত মন্তব্য কৰি ভালপোৱা তেজপুৰৰ সাংসদ ৰামপ্ৰসাদ শৰ্মাই পুনৰ এক বিতৰ্কিত মন্তব্য। এইবাৰ হিন্দু বাংলাদেশীৰ সন্দৰ্ভত সংবাদ মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেজপুৰৰ সাংসদজনে কয় হিন্দু বাংলাদেশীক অসমত সংস্থাপন দিয়া হ’বই, অন্যথা তেওঁলোক ক’লৈ যাব বুলি এক উদ্ভট মন্তব্য কৰে। আনহাতে অসমীয়া সংস্কৃতিৰ বাবে হিন্দু বাংলাদেশীসকল কোনো ক্ষতিকাৰক নহয় আৰু ১০ লাখ হিন্দু বঙালীয়ে ৩ কোটি অসমীয়াৰ কোনো ক্ষতি কৰিব নোৱাৰে বুলি এক বিতৰ্কিত মন্তব্য প্ৰদান কৰে সাংসদ গৰাকীয়ে। আনহাতে হিন্দু বাংলাদেশী বিষয়টোৰ ওপৰত এক অপবাখ্যা আগবঢ়াই  সাংসদ গৰাকীয়ে কয় যে আছুকে ধৰি অন্যান্য দল-সংগঠন সমূহে পিছলৈ এই কথা মানি ল’ব। ইয়াৰ উপৰি শৰ্মাই প্ৰিয়ংকা চোপ্ৰাক অসমৰ পৰ্যটন বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ পদৰ পৰা আঁতৰাই অমিতাভ বচ্চনক এই পদত অধিষ্ঠিত কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনায়।