নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে মিত্ৰতা ভংগৰ হুংকাৰ দুই জ্যেষ্ঠ অগপ নেতাৰ

AGP (1)

প্ৰতিনিধিত্বমূলক চিত্ৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত যুটীয়া সংসদীয় সমিতিক অগপ দলে স্মাৰক পত্ৰ দিয়াৰ এদিন পাছত পুনৰ বিধেয়কখনৰ বিৰোধীতাত সৰব হৈ পৰিছে দলটোৰ দুই জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ডাঃ কমলা কলিতা। মঙলবাৰে অগপৰ এই দুই জ্যেষ্ঠ নেতাই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধীতা কৰি সাংবাদিকৰ আগত কয় যে এই আইন গৃহীত হ’লে অগপই বিজেপিৰে থকা মিত্ৰতা ছেদ কৰিব।

মিত্ৰজোঁটৰ চৰকাৰখনৰ অন্যতম অংশীদাৰী দল অগপৰ এই হুংকাৰ স্বাভাৱিকতে অত্যন্ত তাৎপৰ্যপূৰ্ণ। এই সন্দৰ্ভত পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে বিজেপি চৰকাৰে এই আইনখনৰ জৰিয়তে অসমত হিন্দু বাংলাদেশী সংস্থাপনৰ যি ষড়যন্ত্ৰ ৰচিছে তাৰ আমি সদায় বিৰোধীতা কৰি যাম। যদিহে তেওঁলোকে এনে সিদ্ধান্ত প্ৰত্যাহাৰ নকৰে তেন্তে অগপ দলে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰিব৷

আনহাতে বিধায়ক কলিতাই কয়, ‘নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আছো আৰু কৰি যাম, বিধেয়ক গৃহীত হ’লে আমি মিত্ৰতাত কেতিয়াও নাথাকো, জাতিৰ অস্তিত্বৰ যুঁজত সদায় ৰাইজৰ স্বাৰ্থত থাকিম’।

অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

আনহাতে প্ৰাক্তন মন্ত্ৰী তথা অগপৰ সাধাৰণ সম্পাদক ডাঃ কমলা কলিতাইও জাতিৰ স্বাৰ্থত  কোনো আপোচ নকৰে বুলি মন্তব্য কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধীতা কৰে৷ লগতে তেওঁ কয় যে যদি বিধেয়কখন গৃহীত হয়, তেন্তে বিজেপিৰ সৈতে মিত্ৰতা ত্যাগ কৰাত অকণো কুণ্ঠাবোধ নকৰে অগপই।

ইফালে বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন যাতে গৃহীত নহয় তাৰ বাবে অগপই সমগ্ৰ অসমতে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

উল্লেখ যোগ্য যে বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে গ্ৰহণ কৰা আন্দোলনৰ কাৰ্যসূচী হিচাপে অগপই অহা ১২ মে’ৰ পৰা ৩০ মে’লৈ সমষ্টিয়ে সমষ্টিয়ে গণ স্বাক্ষৰ অভিযান গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে পশ্চিম সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।