নাগৰিকত্ব সংশোধনী বিধেয়ক : ১২ মে’ৰ পৰা কৃষক মুক্তিৰ আন্দোলন ঘোষণা

Akhil-Gogoi-680x365

কৃষক নেতা অখিল গগৈ : ফাইল ফটো

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিলৰ দাবীত ধাৰাবাহিকভাৱে প্ৰতিবাদ সাৱ্যস্ত কৰি অহা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে  মঙলবাৰে তেওঁলোকৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যনিৰ্বাহক বৈঠকত সোমবাৰৰ শুনানিত অংশগ্ৰহণ কৰি বিধেয়কখনৰ বিৰুদ্ধে অৱস্থান লোৱা সকলো সংগঠন, সংঘ, সমিতি, মঞ্চ, বুদ্ধিজীৱী, শিল্পী, বিশিষ্ট নাগৰিকক ঐক্যবদ্ধ কৰি  বিলখন বাতিলৰ বাবে এক ঐক্যবদ্ধ সংগ্ৰামৰ আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে।

প্ৰতিটো সংগঠনৰ পৰা সমান নেতৃত্ব আৰু সমান মৰ্যাদাসহ এখন ঐক্যমঞ্চ বা সমন্বয় সমিতি গঠনৰ প্ৰস্তাৱ লোৱা হৈছে কাৰ্যনিৰ্বাহকত। কেৱল সোমবাৰৰ শুনানিত অংশ লোৱা সকলেই নহয়, ইয়াৰ পূৰ্বেও শুনানিত অংশগ্ৰহণ কৰা সকলো জাতীয় দল-সংগঠনকো এই ঐক্যমঞ্চ বা সমন্বয় সমিতিত অন্তৰ্ভুক্ত কৰাৰ বাবে সমিতিয়ে প্ৰচেষ্টা চলাব।

কাৰ্যনিৰ্বাহকত অহা ১২ মে’ৰ পৰা ৰাজ্যজুৰি প্ৰতিখন গাওঁ, চাহ বাগানৰ বস্তি এলেকা, নগৰ-চহৰ, চৰ-চাপৰি আদিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰচাৰ অভিযান আৰম্ভ কৰিবলৈ সিদ্ধান্ত লোৱা হয়। এই অভিযানৰ লক্ষ্য হ’ল দ্বিতীয়বাৰৰ কাৰণে অসমলৈ আহিবলগীয়া যুটীয়া সংসদীয় সমিতিৰ শুনানিত লক্ষাধিক দল-সংগঠন আৰু ব্যক্তিৰ প্ৰতিনিধিত্ব নিশ্চিত কৰা।

উপদেষ্টা অখিল গগৈ, সভাপতি ৰাজু বৰা, ভাস্কো ডি শইকীয়া, সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ আৰু মুকুট ডেকাই প্ৰকাশ কৰা সমিতিৰ এটা বিবৃতিত কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কখন তৎকালীনভাৱে বাতিল কৰিবলৈ চৰকাৰক বাধ্য কৰোৱাৰ উদ্দেশ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ অসমবাসীক ঐক্যবদ্ধ কৰাৰ চেষ্টা কৰিব।

এইবাৰ অসমীয়া জাতিৰ জাগৰণক কেৱল বিধেয়কবিৰোধী সংগ্ৰামতেই সীমাবদ্ধ নাৰাখি অসমীয়া জাতিৰ বাবে সাংবিধানিক ৰক্ষা কৱচ আদায় কৰাটোও অন্যতম লক্ষ্য হ’ব বুলি কোৱা হৈছে। অসমৰ ভূমি কোনো বিদেশী বা বহিৰাগতই ক্ৰয়-বিক্ৰয় কৰিব নোৱাৰাৰ সাংবিধানিক নিশ্চয়তা আদায় কৰা আৰু অসমৰ থলুৱা মানুহৰ ৰাজনৈতিক প্ৰতিনিধিত্বৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সংবিধানসন্মত বিশেষ ৰাজ্যৰ মাৰ্যাদা আদায় কৰি লোৱাটো এই সংগ্ৰামৰ প্ৰধান লক্ষ্য বুলি কৃ,ক মুক্তিয়ে স্পষ্ট কৰি দিয়ে।

কাশ্মীৰৰ দৰে সাংবিধানিক সুৰক্ষা অথবা ভাৰতীয় সংবিধানৰ ৩৭১ ’ক’ৰ পৰা ‘ছ’ অনুচ্ছেদৰ ভিতৰৰ কোনো এটা অনুচ্ছেদৰ অধীনত বিশেষ ৰাজ্যৰ মৰ্যাদা আঁজুৰি আনিবলৈ এই সংগ্ৰামৰ জৰিয়তে আন্তৰিকতাৰে প্ৰচেষ্টা কৰা হ’ব বুলিও বিবৃতিটোত কোৱা হৈছে।