NORTHEAST NOW (Assamese)

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নামৰূপত প্ৰতিবাদ সাব্যস্ত

May 13, 2018 3:13 pm · অক্ষয় প্ৰনব কলিতা

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত প্ৰতিবাদ, আন্দোলন অব্যাহত থকাৰ মাজতে নামৰূপত আজি বিধেয়কখন বাতিলৰ দাবীত নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা আৰু নামৰূপৰ সমূহ দল সংগঠনৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়।

নামৰূপ সোণাৰি তিনিআলিত অনুষ্ঠিত উক্ত প্ৰতিবাদত প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ প্ৰতিলিপি দাহ কৰে।

প্ৰতিবাদ সাব্যস্ত কৰি আছুৰ জিলা শিক্ষা সম্পাদক অবনি কুমাৰ গগৈয়ে কয়, ‘এইয়া অতি দুৰ্ভাগ্যজনক যে আমাৰ মুখ্য মন্ত্ৰীয়ে কেৱল জনসাধাৰণক প্ৰৱঞ্চনা কৰি আহিছে, যদি চৰকাৰে নতুনকৈ বিদেশী অনাৰ সিদ্ধান্ত লয় তেন্তে আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম।‘

উক্ত প্ৰতিবাদত আছু ডিব্ৰুগড় জিলা সমিতি, বি ভি এফ চি এল সাৰকাৰখানা শ্ৰমিক সন্থা, এ পি এল শ্ৰমিক সন্থা, সদৌ অসম যুৱ ছাত্ৰ পৰিষদ, নামৰূপ লেখিকা সমাৰোহ সমিতি, বিহু সুৰক্ষা সমিতি, গ্ৰাম্য উন্নয়ণ সংঘ, সমন্নয়া মহিলা সমিতি, নামৰূপ প্ৰেছ আৰু সমাজ সংঘ, নামৰূপ ব্যৱসায়ীক সংস্থা, তাই আহোম ছাত্ৰ সন্থা, অগপ আঞ্চলিক সমিতি, অগপ যুৱ পৰিষদকে ধৰি বহু কেইটা দল-সংগঠন তথা সাধাৰণ ৰাইজে সহযোগ কৰে।

Related News