NORTHEAST NOW (Assamese)

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তিনিচুকীয়া, বোকাখাত, সোণাৰিত জোঁৰ সমদল

May 14, 2018 10:00 pm · এন ই নাও নিউজ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দল-সংগঠনে প্ৰতিবাদ কৰাৰ সমান্তৰালভাৱে তিনিচুকীয়া, বোকাখাত আৰু সোণাৰিতো বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে।

বোকাখাত :

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা আৰু বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত বোকাখাতৰ ৫০ টা জাতীয় সংগঠন আৰু বোকাখাতৰ স্থানীয় ৰাইজৰ সহযোগত এক জোঁৰ সমদল উলিওৱা হয়। প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় চৰকাৰে নগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে জাপি দিব খোজা বাংলাদেশীৰ বোজা কেতিয়াও অসমে গ্ৰহণ নকৰে বুলি প্ৰতিবাদৰ জৰিয়তে সকীয়াই দিয়ে।

তিনিচুকীয়া :

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ দৰে তিনিচুকীয়া জিলাতো নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত চাৰিটাকৈ সংগঠনে পৃথকে পৃথকে জোঁৰ সমদল উলিয়াই।

আছু, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, আটছা আৰু অসম যুৱ পৰিষদৰ সংসদৰ সদস্যই জোঁৰ সমদলৰ লগতে বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে কঁপাই তিনিচুকীয়াৰ ৰাজপথ তোলে। লগতে আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অতি শীঘ্ৰে নাৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায়।

সোণাৰি :

একেদৰে সোণাৰিতো আজি নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবী জনাই আছুৱে জোঁৰ সমদল বাহিৰ কৰে।

সোণাৰি আছু কাৰ্যালয়ৰ পৰা আছুৰ কৰ্মকৰ্তাসকলে জোঁৰ সমদল কৰি নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ তীব্র বিৰোধিতা কৰি চৰকাৰক এই নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবী জনায়।

Related News