নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৰপেটাত এ আই য়ু ডি এফৰ ধৰ্ণা

সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাতো আজি এ আই য়ু ডি এফৰ বৰপেটা জিলা সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰৰ দাবীত বৰপেটাত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

বৰপেটা জিলা আৱৰ্ত ভৱনৰ সন্মুখত পালন কৰা দুঘণ্টীয়া ধৰ্ণাকাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৫ শতাধিক দলীয় কৰ্মীয়ে অংশ গ্ৰহণ কৰে।

আনহাতে প্ৰতিবাদীকাৰ্যসূচীত অংশ গ্ৰহণ কৰা সময়ছোৱাত প্ৰতিবাদকাৰী সকলে ক’লা বেজ পৰিধান কৰে। ধৰ্ণা কাৰ্যসূচীত অংশ গ্ৰহণ কৰা প্ৰতিবাদকাৰী সকলে ‘অসমত হিন্দু-মুছলিম ভাই ভাই, ইয়াত বিদেশীৰ স্থান নাই, বিদেশীৰ নামত ধৰ্মীয় মেৰুকৰণ কৰা নচলিব, বিজেপি চৰকাৰ হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰ কৰক, ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ চৰিত্ৰ ৰক্ষা কৰক, অসমত বিদেশীক সংস্থাপন দিয়া নহ’ব’ আদি প্ৰতিবাদী শ্ল’গান দিয়ে।

আনহাতে ধৰ্ণাকাৰ্যসূচীত অংশ গ্ৰহণ কৰা এ আই য়ু ডি এফৰ সভাপতি আব্দুল কালাম  আজাদ, সাধাৰণ সম্পাদক ৰফিকুল ইছলাম, উপ-সভাপতি ঠাকৰু চন্দ্ৰ মেধিয়ে অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জাতি ধ্বংসী বিধেয়কখন জাপি দিব বিচৰা খোজা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে।

ধৰ্ণাকাৰ্যসূচীৰ অন্তত এ আই য়ু ডি এফৰ বৰপেটা জিলা সমিতিয়ে বিধেয়কখন বাতিলৰ দাবী জনাই যুটীয়া সংসদীয়া সমিতিৰ অধ্যক্ষলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।