নাগৰিকত্ব সংশোধনী বিধেয়ক বিষয়ত হ’বলগীয়া আলোচনা চক্ৰলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিক আমন্ত্ৰণ নজনোৱাটো বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ

Akhil Gogoi PMT

অহা ২০ আৰু ২১ ফেব্ৰুৱাৰীৰ দিনা নতুনকৈ গঠিত হোৱা যুটীয়া সংসদীয় কমিটিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সংক্ৰান্তত আয়োজন কৰা আলোচনা চক্ৰত ৬-৭ টা মুষ্টিমেয় সংগঠনক আমন্ত্ৰণ কৰিছে। কিন্তু তেওঁলোকে কৃষক মুক্তি সংগ্ৰাম সমিতিক এই আলোচনা চক্ৰলৈ আমন্ত্ৰণ নজনোৱাত এয়া বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ বুলি আজি এক সংবাদমেলযোগে অখিল গগৈয়ে মন্তব্য কৰে।

তেওঁ জানিবলৈ দিয়া অনুসৰি লোকসভাৰ সচিব প্ৰধান টি. জি চন্দ্ৰশ্বেখৰে ই-মেইলযোগে অসমৰ বিভিন্ন দল-সংগঠনক এই নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ আলোচনা চক্ৰলৈ আমন্ত্ৰণ জনাইছে ।

তেওঁ সংবাদ মেলত কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক অসমীয়া জাতিৰ কাৰণে এটা ভয়ানক বিপদ। নাগৰিকত্ব বিধেয়কৰ বিৰোধীতা কৰি ৰাজ্যত বিভিন্ন দল-সংগঠনে সভা সমিতি অনুষ্ঠিত কৰিছে। এই বিধেয়কৰ বিৰোধিতা কৰিবলৈ গৈয়ে তেওঁ এন এছ এ ৰ অধীনত কাৰাগাৰলৈও গৈছিল।

নাগৰিকত্ব বিধেয়কক লৈ কেন্দ্ৰীয় চৰকাৰ আকৌ এটা নতুন ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি উল্লেখ কৰে কৃষক নেতাজনে। যুটীয়া সংসদীয় কমিটিয়ে এই আলোচনাটো অসমত অনুষ্ঠিত কৰিব বুলি অসম চৰকাৰে এক জাননী জাৰি কৰিছিল। জাননী অনুসৰি অসমৰ ৰাইজৰ সৈতে নাগৰিকত্ব সংশোধনী বিধেয়কখন অসমৰ ৰাইজক লাগে নে নালাগে সেই সন্দৰ্ভত অসমতে এক আলোচনা কৰা হ’ব বুলি তেওঁ তথ্য সহকাৰে আজিৰ সংবাদ মেলত সদৰী কৰে।

মুখ্য মন্ত্ৰীয়ে ঘোষণা কৰিছিল যে যুটীয়া সংসদীয় কমিটি অসমলৈ আহিব লাগিব। কিন্তু দুৰ্ভাগ্যজনক কথা যে তেওঁলোকে অতি গোপনীয়ভাৱে অহা ২০ আৰু ২১ ফেব্ৰুৱাৰীত এই আলোচনা চক্ৰ অসমৰ বিপৰীতে দিল্লীত অনুষ্ঠিত কৰিব বিচাৰিছে বুলি অখিল গগৈয়ে উল্লেখ কৰে।

পূৰ্বতে এই আলোচনা চক্ৰলৈ আগতীয়াকৈ ৰাজহুৱা জাননী দি দল-সংগঠনক আমন্ত্ৰণ কৰা হৈছিল। কিন্তু এইবাৰ সম্পূৰ্ণ গোপনীয়ভাৱে মুষ্টিমেয় তথা বাছি বাছি দল-সংগঠন সমূহক আলোচনা চক্ৰলৈ নিমন্ত্ৰণ কৰা হৈছে বুলি আজিৰ সংবাদমেলত কৃষক নেতাজনে অভিযোগ তোলে।

উল্লেখযোগ্য যে কালি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীয়ে লোকসভাৰ সচিব প্ৰধান টি. জি. চন্দ্ৰশ্বেখৰলৈ ফোনযোগে আমন্ত্ৰণ নকৰাৰ সন্দৰ্ভত বাৰ্তালাপ কৰাৰ লগতে মেইল প্ৰেৰণ কৰিছিল। কিন্তু তেওঁ এয়া যুটীয়া সংসদীয় কমিটিৰ অধ্যক্ষৰ সিদ্ধান্ত বুলি অখিল গগৈক জনায় বুলি আজিৰ সংবাদমেলত তেওঁ অৱগত কৰে।এই সন্দৰ্ভত সংগঠনটোৱে যুটীয়া সংসদীয় সচিবলৈ মেইলযোগে অসমত এই আলোচনা চক্ৰখন অনুষ্ঠিত কৰিব লাগে বুলি দাবী জনোৱাৰ লগতে কিহৰ বাবে এই আলোচনা চক্ৰলৈ আমন্ত্ৰণ জনোৱা নহ’ল এই বিষয়ে প্ৰশ্ন উত্থাপন কৰে।

তদুপৰি নেতাজনে বিজেপি আৰু আৰ এছ এছে কেনেদৰে অসমলৈ হিন্দু বাংলাদেশী আনিব পাৰি সেই বিষয়ে চিন্তা-চৰ্চা কৰি তেওঁলোকৰ চকুৰ টোপনি হৰিছে বুলি আজিৰ সংবাদমেলত তাৎপৰ্য্যপূৰ্ণ মন্তব্য আগবঢ়ায়। লগতে তেওঁলোকে হিন্দু বাংলাদেশীক সংস্থাপন দিয়াৰ বাবে নিতৌ নতুন নতুন কৌশল অৱলম্বন কৰাত উঠি-পৰি লাগিছে বুলি তেওঁ উল্লেখ কৰে।

লক্ষণীয় যে তেওঁ অসমৰ সমূহ দল-সংগঠনক এই বিধেয়কখনৰ বিৰোধিতা কৰিবৰ বাবে ওলাই আহিবৰ বাবে আহ্বান জনায়।

কালি নাগৰিকত্ব বিধেয়কৰ ওপৰত বিৰোধী দলৰ বিধায়িকা অজন্তা নেওগে সৰ্বদলীয় এটা প্ৰস্তাৱ ডাঙি ধৰাৰ ওপৰত  অখিল গগৈয়ে কয়, ‘আমি অজন্তা নেওগৰ এই প্ৰস্তাৱৰ সমৰ্থন জনাইছো। লগতে সকলো ৰাজনৈতিক দলকে এই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিবৰ বাবে সকলোকে এটা সৰ্বদলীয় সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছো।’

তদুপৰি তেওঁ তথ্যসহকাৰে কয় যে ২০১৬ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা নাগৰিকত্ব বিধেয়কৰ প্ৰথমখন আলোচনা চক্ৰত ভাৰতৰ ১২ টা দল সংগঠনক আমন্ত্ৰণ জনাইছিল। তাৰ ভিতৰত অসমৰ পৰা  নিখিল বংগ নাগৰিক সংঘ, সদৌ অসম বেংগলী যুৱ-ছাত্ৰ ফেদাৰেচনকে ধৰি ৫ টা দলক তেওঁলোকে আলোচনাত মিলিত হ’বৰ বাবে আমন্ত্ৰণ জনাইছিল।

এই সন্দৰ্ভত তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে এই নাগৰিক্ত বিধেয়কখনক সমৰ্থন কৰা দল-সংগঠন সমূহক বাছি বাছি বিজেপি চৰকাৰে আমন্ত্ৰণ কৰিছে, এয়া বিজেপি চৰকাৰৰ এক ষড়যন্ত্ৰ। দ্বিতীয়তে অসমৰ আছু, অগপক আমন্ত্ৰণ কৰা হৈছিল। তাৰ পিছত তেওঁলোকে দিল্লীতে কেৱল নহয়, ৰাজস্থান, যোধপুৰত গৈও ৰাজহুৱা শুনানি অনুষ্ঠিত কৰিলে।

ইয়াৰ উপৰি অসমত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে সভা-সমিতি অনুষ্ঠিত কৰাৰ পিছতো কিহৰ বাবে এই সম্বন্ধীয় আলোচনাৰ বাবে এই সংগঠনক নিমন্ত্ৰণ জনোৱা নহ’ল বুলি তেওঁ আজিৰ সংবাদ মেলত প্ৰশ্ন কৰে। ইয়াৰ বিপৰীতে সদৌ অসম ছাত্ৰ সন্থা তথা বঙালী ভাষী দল-সংগঠনকহে এই আলোচনা চক্ৰত নিমন্ত্ৰণ কৰা হ’ল বুলি তেওঁ সদৰী কৰে।

এই যুটীয়া সংসদীয় কমিটিত থকা অসমৰ চাৰিজন সাংসদক দাবী জনাই কয় যে তেওঁলোকে এই কমিটিক বাধ্য কৰাই এই আলোচনা চক্ৰ অসমত অনুষ্ঠিত কৰাব লাগে। যদিহে তেওঁলোকে এই বিষয়টো যুটীয়া সংসদীয় কমিটিক অৱগত নকৰে বা বাধ্য নকৰে তেন্তে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আইনৰ সহায় ল’বলৈ বাধ্য হোৱাৰ লগতে ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

সংবাদমেলতে কৃষক নেতাজনে তেওঁলোক অসমত ১৯৭১ চনৰ পূৰ্বৰে পৰা বসবাস কৰি থকা বঙালী সম্প্ৰদায়ৰ লোকসকলৰ বিৰোধী নহয় বুলি সদৰী কৰে। ইয়াৰ বিপৰীতে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা হিন্দু, মুছলিম নাইবা অন্য ধৰ্মাৱলম্বী কোনো বিদেশীয়ে কোনো কাৰণত অসমত নাগৰিকত্ব পাব নোৱাৰে সেই বিষয়ত কষক মুক্তি সংগ্ৰাম সমিতি সংকল্পবদ্ধ বুলি তেওঁ উল্লেখ কৰে।