অসমীয়া জাতিয় অস্তিত্ব, ভাষা-সংস্কৃতিৰ প্ৰতি গুৰুতৰ ভাবুকি সৃষ্টি কৰা নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে সদৌ অসম চতুীয়া ছাত্ৰ সন্থাই সমগ্ৰ ৰাজ্য জুৰি বিভিন্ন পৰ্যায়ৰ আন্দোলন গঢ়ি তুলিছে। ইয়াৰ সমান্তৰালভাৱে আজি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই দীঘলীপুখুৰীৰ পাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত মুণ্ডন কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে।
অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব বিধেয়ক, ২০১৬ উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ জনসাধাৰণৰ ওপৰত জাপি দিব খোজা কাৰ্যক চুতীয়া ছাত্ৰ সন্থাই আজিৰ কাৰ্যসূচীৰ জৰিয়তে তীব্ৰ বিৰোধিতা জনায়।
আনহাতে প্ৰতিবাদকাৰীসকলে এই নাগৰিকত্ব বিল বাতিল কৰাৰ লগতে সময় নিৰ্ধাৰিত কাৰ্যসূচীৰে অসম চুক্তি ৰূপায়ণ কৰিব লাগিব বুলি দাবী জনায়। তাৰোপৰি ভূমি নিৰাপত্তাৰ লগতে অসমৰ ৰাইজক বিশেষ সাংবিধানিক ৰক্ষা কৱচ দিব লাগিব বুলিও প্ৰতিবাদস্থলীৰ পৰা চৰকাৰক সকীয়াই দিয়ে।
মুণ্ডন কাৰ্যসূচীত ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা জ্যোতি প্ৰসাদ চুতীয়া, উপদেষ্টা বিপুল চুতীয়া, মধুমাধৱ শইকীয়া, কাৰ্যকৰী সভাপতি সমীৰণ বৰা, সাঃ সম্পাদক মহেন বৰা উপস্থিত থাকে।