NORTHEAST NOW (Assamese)

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বোকাখাতত চাহ মজদুৰ সংঘৰ প্ৰতিবাদী সমদল

May 23, 2018 4:08 pm · উত্তম শইকীয়া

নাগৰিকত্ব সংশোধনী বিধায়ক, ২০১৬ৰ বিৰোধিতা কৰি আজি বোকাখাতত অসম চাহ মজদুৰ সংঘৰ বোকাখাত শাখাই এক গণ প্ৰতিবাদী সমদল বাহিৰ কৰে।

বোকাখাত চাহ মজদুৰ সংঘৰ কাৰ্যালয়ৰ পৰা উলিওৱা আজিৰ এই প্ৰতিবাদী সমদলত বোকাখাত মহকুমাৰ প্ৰায় ২১ খন চাহ বাগিচাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷

অসম চাহ মজদুৰ সংঘৰ সভাপতি মদন তাঁতী, সম্পাদক তপন কৰ্মকাৰ, বোকাখাতৰ প্ৰাক্তন বিধায়ক অৰুণ ফুকন, যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী, সংঘৰ বিষয়ববীয়া মামনী গাজলু, বিষ্ণু তাঁতী আদি নেতাই উক্ত সমদলত অংশগ্ৰহণ কৰি বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিভিন্ন শ্ল’গানেৰে এই প্ৰতিবাদী সমদলে বোকাখাত চহৰ পৰিভ্ৰমণ কৰি বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ত সমবেত হৈ ধৰ্ণা দিয়ে।

পিছত প্ৰতিবাদী দলটোৱে মহকুমা দণ্ডাধীশ শান্তনু গগৈৰ হাতত নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰি প্ৰতিবাদী কাৰ্যসূচী সামৰণি মাৰে।

Related News