নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মাজুলীত আছুৰ আহ্বানত বৃহৎ গণ বিক্ষোভ

AASU protest at Majuli

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত মাজুলী জিলা ছাত্ৰ সন্থাৰ আহ্বানত আজি মাজুলী হেমচন্দ্ৰ গোস্বামী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনৰ পৰা এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়।

মাজুলী কমলাবাৰীৰ সোমাজেৰে যোৱা এই সমদলত ছাত্ৰ-ছাত্ৰী সকলৰ লগতে মাজুলীৰ বিভিন্ন দল-সংগঠনে হাতে হাতে প্লে’কাৰ্ড লৈ বিজেপি চৰকাৰক হুচিয়াৰ কৰি দিয়া শ্লগানে চহৰখন উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিল কৰিবলৈ দাবী জনাই ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ এখনি স্মাৰকপত্র প্রেৰণ কৰে।

উল্লেখযোগ্য যে অসমৰ তিনি কোটি জনসাধাৰণক প্ৰভাৱিত কৰা এই বিধেয়কখন সম্প্ৰতি এক জ্বলন্ত সমস্যাত পৰিণত হৈছে। যাৰ ফলত ৰাজ্যৰ প্ৰায় সকলো দল-সংগঠন তথা ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানে এই বিধায়কখনৰ তীব্ৰ বিৰোধিতা কৰিছে।

নাগৰিকত্ব আইন সংশোধনী বিধেয়কে এন আৰ চি উন্নীতকৰণৰ মূল উদ্দেশ্যটোৱেই বাধাগ্ৰস্ত কৰিব আৰু ই হ’ব ঐতিহাসিক অসম চুক্তিৰ চূড়ান্ত উলংঘন। ইয়াৰ উপৰি বিধেয়কখন ভাৰতবৰ্ষৰ সংবিধানৰ মূল আদৰ্শৰ পৰিপন্থী। যাৰ ফলত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত উদ্বিগ্নতা, ক্ষোভ আৰু অসন্তষ্টিৰ সৃষ্টি হৈছে।

এনে পৰিপেক্ষিতত প্ৰস্তাৱিত বিধেয়কখনক কোনো কাৰণতে মানি লোৱা নহ’ব বুলি উল্লেখ কৰি প্ৰতিবাদকাৰী সকলে অসমবাসীৰ স্বাৰ্থত যিকোনো মূল্যৰ বিনিময়ত ঐতিহাসিক অসম চুক্তিৰ দফাসমূহ অক্ষুণ্ণ ৰাখিবলৈ তথা চুক্তিখন কোনো কাৰণতে উলংঘন নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়ে।