নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ১২জুনত কৃষক মুক্তিৰ ৰাজভৱন যাত্ৰা

Akhil

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ- বিক্ষোভ অব্যাহত থকাৰ মাজতে ১২ জুনত ‘ৰাজভৱনলৈ বলক’ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আজি এক সংবাদ মেলযোগে এই কথা ঘোষণা কৰিছে সংগঠনটোৰ নেতা অখিল গগৈয়ে।

সংবাদমেল সম্বোধন কৰি কৃষক নেতাগৰাকীয়ে কয়— নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাত ৰাষ্ট্ৰপতি, যুটীয়া সংসদীয় কমিটী আৰু প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা হ’ব ১০ হাজাৰ স্মাৰকপত্ৰ। আনহাতে ২৫ মে’ত চিলাপথাৰত প্ৰতিবাদী সমাৱেশ আৰু ২৬ মে’ত যোৰহাটত দল– সংগঠনৰ সহযোগত অনুষ্ঠিত কৰা হ’ব বিশাল গণ সমাৱেশ।


আনহাতে বিজেপি চৰকাৰৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ অভিযোগ কৰি অখিল গগৈয়ে কয়— পাছপ’ৰ্ট আইন অনুসৰি বিদেশীৰ যি সংজ্ঞা আছিল সেয়া সলনি কৰি বিজেপি চৰকাৰে নতুন নিয়ম প্ৰৱৰ্তন কৰে, য’ত পাকিস্তান, বাংলাদেশৰ পৰা ভাৰতলৈ পাছপ’ৰ্ট, ভিছা অবিহনে অহা ছটা ধৰ্মৰ লোকক বিদেশী বুলি গণ্য কৰা নহ’ব। ২০১৬ চনৰ ৮ জানুৱাৰীত চৰকাৰে নতুন নিয়ম বলৱতৰ জৰিয়তে দীৰ্ঘম্যাদী ভিছা প্ৰদান কৰি আৰু কেইবাটাও সুবিধা প্ৰদান কৰিছে।

সংবাদমেলত কৃষক নেতাজনে লগতে কয় যে বাংলাদেশ ব্যুৰ’ অৱ ষ্টেটিষ্টিকছৰ তথ্য অনুসৰি ২০১৫ চনলৈকে বাংলাদেশত ১ কোটি ৭০ লাখ হিন্দু লোক আছে। অসমত প্ৰায় ২০ লাখ হিন্দু বাংলাদেশী আছে। ২০১৯ৰ নিৰ্বাচনৰ বাবে বিজেপিৰ দুটা মূল কৌশলৰ ভিতৰত নাগৰিকত্ব সংশোধনী বিধেয়কখনো এটা। হিন্দু ভোটখিনি একত্ৰীকৰণ কৰাৰ বাবে বিজেপিয়ে এই কাম কৰিছে।

ৰাজ্যৰ দল- সংগঠনে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰাৰ সময়তে কৃষক মুক্তিৰ এই প্ৰতিবাদী কাৰ্যসূচী তাৎপৰ্যপূৰ্ণ।