নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গোলাঘাটত আটাছুৰ অৰ্ধ উলংগ প্ৰতিবাদ
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যত প্ৰতিদিনে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে আজি গোলাঘাট জিলাতো তাই আহোম ছাত্ৰ সন্থাই অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে অৰ্ধউলংগ হৈ আৰু মুণ্ডন কাৰ্যসূচী পালন কৰি নাগৰিকত্ব বিধেয়ক, ২০১৬ বাতিলৰ দাবী জনায়।
লগতে প্ৰতিবাদস্থলীত তাই আহোম ছাত্ৰ সন্থাই অৰ্ধউলংগ হৈ আৰু মুণ্ডন কাৰ্যসূচী পালন কৰি কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল লকৰিলে চৰকাৰে যি কোনো পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়নি প্ৰদান কৰে।
প্ৰতিবাদকাৰী সকলে এই নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে হাতে হাতে হেংদাং লৈ ওলাই আহি অৰ্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সমূহীয়া মুণ্ডন কৰি কোনো কাৰণত জাতিধ্বংসী বিধেয়ক খন কাৰ্যকৰী হ’বলৈ দিয়া নহ’ব বুলি চৰকাৰক সকীয়নি প্ৰদান কৰে।
আনহাতে চৰকাৰে যদি এই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰে তেন্তে অনাগত দিনত তাই আহোম ছাত্ৰ সন্থাই ইয়াতকৈ তীব্ৰ আন্দোলনৰ সন্মুখীন হ’ব লাগিব বুলি হুংকাৰ প্ৰদান কৰে। আটাছুৱে নিজৰ স্থিতি স্পষ্ট কৰি কয় যে যদি চৰকাৰে বিলখন বাতিল নকৰে তেন্তে অনাগত দিনত তীব্ৰ আন্দোলনৰ মুখামুখি হব লাগিব চৰকাৰখন।