নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মাজুলীত আছুৰ ৩০ ঘণ্টীয়া অনশন

WhatsApp

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে বিক্ষোভ- প্ৰতিবাদৰ জুই। সকলোৱে একমুখে ধিক্কাৰ দিছে জাতিধ্বংসী বিধেয়কখনক। ইয়াৰ মাজতে খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি চৰম ভাবুকি সৃষ্টি কৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে আজি ‘আছু’ৰ আহ্বানত মাজুলী গড়মূৰত ৩০ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

অবৈধ হিন্দু বালাংদেশীক নাগৰিকত্ব দিয়াৰ পথ প্ৰশস্ত কৰিবলৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰা বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি এই আইনখন বাতিলৰ বাবে দাবী উত্থাপন কৰে ছাত্ৰ সন্থাই।কেন্দ্ৰীয় চৰকাৰক এই সংবিধান বিৰোধী আইনখন বাতিল কৰিবলৈ কঠোৰ সকীয়নি দিয়ে আছু নেতৃত্বই।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ অসমৰ ভৱিষ্যতৰ বাবে বিপজ্জনক। এই বিধেয়কখন সংবিধানৰ ধৰ্মনিৰেপক্ষ চৰিত্ৰৰ পৰিপন্থী, সাম্প্ৰদায়িক, অসমৰ অখণ্ডতা, সংস্কৃতি তথা ঐতিহ্যৰ প্ৰতি প্ৰচণ্ড ভাবুকি বুলি অভিহিত কৰে আছুৰ নেতৃবৃন্দই । ধৰ্মৰ ভিত্তিত নাগৰিকত্ব আইনৰ এই সংশোধনীয়ে অসম চুক্তিক নস্যাৎ কৰাৰ উপৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াটোকো অৰ্থহীন কৰিব বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে।

লগতে এই বিধেয়কখন গৃহীত হ’লে ইয়াৰ পৰিণাম অসমৰ সমাজ জীৱনৰ বাবে ভয়াৱহ হ’ব বুলি ক্ষোভ ব্যক্ত কৰে আছুৱে। মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত হোৱা এই প্ৰতিবাদ লক্ষণীয়।