NORTHEAST NOW (Assamese)

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নগাঁৱত অসম যুৱ পৰিষদৰ গণ স্বাক্ষৰ অভিযান

May 28, 2018 4:32 pm · মিণ্টু দাস

”ভাৰত এখন ধৰ্ম নিৰপেক্ষ, সমাজতান্ত্ৰিক গণৰাজ্য। দেশৰ আইন কানুন, সংবিধানৰ এই মূল কাঠামোৰ ওপৰতেই ভিত্তি কৰি প্ৰণয়ন কৰা বাধ্যতামূলক। প্ৰস্তাৱিত সংশোধনী বিধেয়কখনে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ প্ৰস্তাৱ আনি সংবিধানৰ মূল কাঠামোত আঘাত হানিছে।” এই মন্তব্য অসম যুৱ পৰিষদৰ।

কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ জৰিয়তে বিদেশী লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ দ্বাৰা ভাৰতত সংস্থাপিত কৰিব খোজা সিদ্ধান্ত গ্ৰহণৰ বিৰোধিতাৰে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদে আজি নগাঁও চহৰত এক গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে।

নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অগপ নেতা গিৰীন্দ্ৰ কুমাৰ বৰুৱাই অংশ গ্ৰহণ কৰা এই গণ স্বাক্ষৰ কাৰ্যসূচীত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষলৈ প্ৰেৰণ কৰিবলগীয়া স্মাৰকপত্ৰখনত অসমৰ ৩ কোটি ৪৩ লাখ জনসাধাৰণৰ হৈ গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰে।

চাৰিটা দাবী সম্বলিত স্মাৰকপত্ৰখনত উল্লেখ কৰা হয় যে- ‘আমাৰ ভাষা, সংস্কৃতি, জীৱন ধাৰণৰ প্ৰণালী আটাইবোৰ বিদেশী নাগৰিকৰ আগ্ৰাসনৰ ধামখুমীয়াত পৰি দিশহাৰা হোৱাৰ উপক্ৰম হোৱাত ৰাজ্যখনৰ বিভিন্ন ঠাইত সংঘৰ্ষ আৰু অশান্তিৰ বাতাৱৰণ সৃষ্টি হৈছে। ঠায়ে ঠায়ে উগ্ৰপন্থী চিন্তাধাৰাৰো পোখা মেলিছে।’

ইয়াৰ উপৰি নাগৰিকত্ব আইন সংশোধন কৰি পুনৰ ৰাজ্যখনত বিদেশী নাগৰিকক সংস্থাপন কৰিব বিচাৰিলে পৰিস্থিতি অধিক ভয়াবহ আৰু নিয়ন্ত্ৰণহীন হৈ পৰিব বুলি উল্লেখ কৰি স্মাৰকপত্ৰৰ জৰিয়তে অসম যুৱ পৰিষদে দেশ, জাতি, মাটি আৰু ভেটিৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।

Related News