NORTHEAST NOW (Assamese)

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মাজুলীত ছাত্ৰ সন্থাৰ বৃহৎ প্ৰতিবাদী সমদল

May 29, 2018 4:38 pm · মিটু খাটনিয়াৰ
Updated: May 29, 2018 7:12 pm
প্ৰতিনিধিত্বমূলক ছবি

মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে। বিধেয়কখনৰ বাতিলৰ দাবীত নামনি মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত আজি গোৱালগাঁৱৰ পৰা বালিচাপৰিলৈকে এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়।

তিনি কিলোমিটাৰ দৈৰ্ঘ্য অতিক্ৰম কৰা উক্ত প্রতিবাদী সমদলটোত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে মাজুলীৰ বিভিন্ন দল-সংগঠনে হাতে হাতে প্লে’কাৰ্ড লৈ বিজেপি চৰকাৰক হুচিয়াৰ কৰি দিয়া বিভিন্ন শ্ল’গানেৰে নামনি মাজুলীৰ আকাশ-বতাহ উত্তাল কৰি তোলে।

প্রতিবাদকাৰীসকলে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰকপত্রও প্রেৰণ কৰে।

অসমৰ তিনি কোটি জনসাধাৰণক প্ৰভাৱিত কৰি এক জ্বলন্ত সমস্যাত পৰিণত হোৱা এই বিধেয়কখনৰ বিৰুদ্ধে বিজেপিৰ বাহিৰে ৰাজ্যৰ সকলো ৰাজনৈতিক দল আৰু বিভিন্ন ছাত্ৰ সংগঠন, যুৱ সংগঠন তথা ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানে তীব্ৰ বিৰোধিতা কৰি আহিছে।

প্ৰতিবাদস্থলীত উপস্থিত একাংশই কয় যে নাগৰিকত্ব আইন সংশোধনী বিধেয়কে এন আৰ চি উন্নীতকৰণৰ মূল উদ্দেশ্যটোৱেই বাধাগ্ৰস্ত কৰিব আৰু ই হ’ব অসম চুক্তিৰ চূড়ান্ত উলংঘন।

Related News