‘ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰা প্ৰকাশৰ পিছতে একাংশ ৰাজনৈতিক নেতা, দল-সংগঠন তথা বুদ্ধিজীৱীয়ে অতি প্ৰৰোচনামূলক বক্তব্য ৰাজহুৱাকৈ প্ৰকাশ কৰি ৰাজ্যৰ শান্তি-শৃংখলা বিঘ্নিত কৰিবলৈ উচটনি দিয়া’ বুলি উদ্বিগ্নতা প্ৰকাশ কৰি নৱগঠিত নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চই আজি এক প্ৰে’ছ বিবৃতিযোগে আশংকা প্ৰকাশ কৰে যে ‘এনে হুলস্থুলৰ সুযোগ লৈ নাগৰিকত্ব সংশোধনী বিধেয়কখন সংসদত যাতে সহজে পাৰ কৰাই নিব পাৰে সেই বাবেই কিছুমান মহলে এনে বিভ্ৰান্তি আৰু বিভেদ সৃষ্টিত উচটনি দিছে। বিধেয়কখন আইনত পৰিণত হ’লে বহু আকাংক্ষিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামটোৱেই অৰ্থহীন হৈ পৰিব।’
নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চই লগতে আহ্বান কৰে যে, ‘সৰ্বশক্তিৰে সকলোৱে সন্মিলিত প্ৰতিৰোধেৰে এই বিধেয়কখন প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক বাধ্য কৰিব লাগে।’
‘কোনো উদ্দেশ্য প্ৰণোদিত বক্তব্যত প্ৰৰোচিত নহ’বলৈ সকলো শ্ৰেণীৰ ৰাইজৰ প্ৰতি আবেদন জনাই’ মঞ্চই কয় যে, ‘এইখন প্ৰথম আংশিক খচৰাহে। মনত ৰখা দৰকাৰ যে উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সময় মতে আৰু শুদ্ধকৈ সম্পূৰ্ণ কৰাৰ বিষয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। এই পৰিপ্ৰেক্ষিতত সমাজত গোষ্ঠীগত অথবা সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰা কোনো ধৰণৰ প্ৰৰোচনাই কাৰো হিত সাধন কৰিব নোৱাৰে।’
নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চৰ ড০ হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, ড০ অপূৰ্ব কুমাৰ বৰুৱা, উদয়াদিত্য ভৰালী, জ্যোতিপ্ৰসাদ শইকীয়া, মনজিৎ মহন্ত, ড০ দীনেশ বৈশ্য, আব্দুল মান্নান, শান্তনু বৰঠাকুৰ, অজিত চন্দ্ৰ তালুকদাৰ, ডাঃ নৱনীল বৰুৱা, ড০ দিলীপ বৰা, পৰেশ মালাকাৰ, ড০ মনোৰমা শৰ্মা আৰু দেৱেন তামুলীৰ লগতে এবছুৰ প্ৰমোদ বড়ো, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাই, এ এছ ডি চিৰ হলিৰাম তেৰাং, এইচ এছ ডি চিৰ ডাঃ জয়ন্ত ৰংপি, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ লিটুল বুঢ়াগোহাঁই, তাই আহোম যুৱ পৰিষদৰ দেৱেশ্বৰ বৰুৱা, তিৱা সাহিত্য সভাৰ বিদ্যুৎ বিকাশ সেনাপতি, ট্ৰাইবেল সংঘৰ ধীৰেন ইংতি, কৈৱৰ্ত যুৱ সন্মিলনৰ সুশীল হাজৰিকা, আঞ্চলিকতাবাদী অসম গণ পৰিষদৰ সুনীল ৰাজকোঁৱৰ, সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেদাৰেচনৰ নিৰ্মলকান্তি শীল আৰু সন্মিলিত খিলঞ্জীয়া পৰিষদৰ হৈ দিব্যপৱন বৰাৰ নামত আজি এন ই নাওলৈ বিবৃতিটো প্ৰেৰণ কৰা হৈছে।