নাগৰিকপঞ্জীৰ ৰুদ্ধদ্বাৰ উন্মোচন আৰু অসমবাসীৰ সংযম

NRC

অপাৰ আশংকা আৰু উদ্বিগ্নতাৰ কুঁৱলী ফালি নাগৰিকপঞ্জীৰ উদীয়মান সূৰ্যই ভূমুকি মাৰিলে। “তিমিৰ ফাৰিয়া বাজ” যেন ‘‘ৰবিৰ কিৰণ”! ৩০ জুলাইৰ দহ বজাৰ আগলৈকে সকলো ত্ৰস্তমান– কি কুৰুক্ষেত্ৰ ৰচিত হয়, কেনে যুদ্ধৰ দামামা বাজি উঠে, ঠিক নাই। যিসকলৰ নাম কটা যাব সেইসকলে জুই নজ্বলাবনে? বা সেই সকলক জুই জ্বলাবলৈ কোনোবাই প্ৰৰোচিত নকৰিবনে? -এনে প্ৰশ্নৰ ক’লীয়া মেঘে সমগ্ৰ অসম গোমা কৰি ৰাখিছিল। আৰু সেই সম্ভাব্য প্ৰলয় ৰুধিবলৈ প্ৰশাসন সষ্টম হৈ পৰিছিল। প্ৰশাসনে ২১খন জিলাৰ ২৯২টা সেৱাকেন্দ্ৰৰ অধীনস্থ এলেকা স্পৰ্শকাতৰ বুলি ঠাৱৰ কৰিছিল। অতিৰিক্তকৈ চি আৰ পি এফৰ ৫৩টা, এছ এছ বিৰ ৪১টা, বি এছ এফৰ ৪০টা, বিশেষ সুৰক্ষা বাহিনীৰ ৫৩টা আৰু আৰ পি এফৰ ৫টা কোম্পানী মোতায়েন কৰিছিল। জতুগৃ্হৰ আশংকাৰে বৰপেটা, দৰং, ডিমা হাচাও, শোনিতপুৰ, কৰিমগঞ্জ, গোলাঘাট আৰু ধুবুৰীত ১৪৪ ধাৰা জাৰি কৰিছিল।

কিন্তু, সকলো উৎকণ্ঠা, আশংকাক অমূলক প্ৰমাণিত কৰি এই পৰ্যন্ত কোনো অঘটনৰ খবৰ নাই। কেউপিনে প্ৰশান্তিৰ বাতাৱৰণ। খচৰাত নাম নথকা প্ৰকৃত নাগৰিকসকলেও ধৈৰ্য্য ধৰিছে আৰু আশা ৰাখিছে যে উপযুক্ত নথি-পত্ৰৰ জোৰত পৰৱৰ্তী সময়ত তেওঁলোকো নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হ’ব। বহু দল-সংগঠনে আশ্বাস দিছে যে প্ৰকৃত ভাৰতীয় নাগৰিকক এই ক্ষেত্ৰত তেওঁলোকে সহায়ৰ হাত আগ বঢ়াব।

তাৰ মানে কি অসমত কোনো বিড়াল তপস্বী নাছিল? শকুনি নাছিল? জতুগৃহৰ কাৰিকৰ নাছিল? নাছিল বুলি ভবা অৱশ্যেই টান। কিন্তু, অসমবাসী ৰাইজৰ প্ৰজ্ঞা আৰু পৰিপক্বতাই সিবোৰৰ কূটনীতি-কূটাঘাত কৃতকাৰ্য হ’ব পৰাৰ কোনো অৱকাশ নাৰাখিলে। ভাষা আন্দোলন, মাধ্যম আন্দোলন, অসম আন্দোলন, আলফাৰ আন্দোলন আদি নানা ঘটনা-দুৰ্ঘটনাৰ মাজেদি, নানা আৱেগময় বা আৱেগসৰ্বস্ব ক্ষতিকৰ কথা-কামৰ মাজেদি, ৰাইজখন অৰ্ধশতিকা পাৰ হৈ আহিছে। অতদিনৰ অভিজ্ঞতাৰ জুইত দহি দহি ৰাইজ পৰিপক্ব হৈ উঠিছে। সেয়ে সকলো প্ৰৰোচনা নেওচি, কূটনীতিৰ সকলো ফান্দ ভৰিৰ মোহাৰি, ৰাইজে বিৰল সংযমৰ চানেকি দাঙি ধৰিব পাৰিলে।

পিছে, ৰাইজে এই সংযম, প্ৰজ্ঞা আৰু পৰিপক্বতাৰ মথাউৰি দীঘলীয়াকৈ ধৰি ৰাখিব পাৰিব লাগিব। কাৰণ কূট ৰাজনীতিৰ বন্যাই কেতিয়া দুপাৰ খহাই নিয়ে তাৰ ঠিক নাই। নাগৰিকপঞ্জীত সংযোগ-বিয়োগৰ যি সুযোগ ছেপ্তেম্বৰ মাহলৈকে দিয়া হৈছে, তাতেই ন্যস্ত স্বাৰ্থই নতুনকৈ অগ্নি-সংযোগৰ সুযোগ ল’ব পাৰে। ৰাইজ পুণৰ সেই অগ্নি-পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।

নাগৰিকপঞ্জী সম্পূৰ্ণ হৈ উঠাৰ পিছতো ৰাইজৰ আহৰি নাথাকে। সংযম আৰু সংগ্ৰামৰ পৰা ৰাইজ আঁতৰি দিলেই কূট ৰাজনীতিৰ বীজাণুৱে মহামাৰী বিয়পাই দিবলৈ সচেষ্ট হ’ব আৰু ৰাইজৰ ক্ষতি কৰিব। এই নাগৰিকপঞ্জীৰ পৰাই, ইয়াৰ ভিত্তিতে, ৰাইজে নৱতম চেতনাৰে বৃ্হত্তৰ অসমীয়া জাতিৰ সৌধ ৰচিব লাগিব, জাতি-নিৰ্মাণৰ স্তিমিত প্ৰক্ৰিয়াক আকৌ ত্বৰাণ্বিত কৰিব লাগিব। ধৰ্ম-ভাষা-গোষ্ঠীৰ বাদ-বিবাদ আঁতৰাই গণতান্ত্ৰিক চেতনাৰ ভিত্তিত, ভ্ৰাতৃত্ববোধ আৰু পাৰস্পৰিক আস্থাৰ ভিত্তিত, এক মজবুত আৰু মহান অসমীয়া জাতি গঢ়ি তুলিব লাগিব।

ৰাজনীতিকৰ খীৰতী গাই স্বৰূপ বিদেশী-বাংলাদেশীৰ বিষয়টোৰ ইমানতে ইতি পেলাই অসমৰ আন বিভিন্ন সমস্যা– যেনে নিবনুৱা সমস্যা, বান-খহনীয়াৰ সমস্যা, বৃ্হৎ নদীবান্ধৰ সমস্যা, উন্নয়নৰ সমস্যা, অসমবাসীৰ স্বাৰ্থত অসমৰ সম্পদ ব্যৱহাৰৰ প্ৰশ্ন আদিত চকু দিব লাগিব আৰু চকু দিবলৈ ৰাজনীতিককো বাধ্য কৰিব লাগিব। ভৱিষ্যত অসমৰ ৰাজনীতিৰ আধাৰ যাতে এনেবোৰ ইছ্যু্হে হয়গৈ– ৰাইজে তাক নিশ্চিত কৰিব লাগিব।

এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা ৪০,০৭,৭০৭জন লোক বাদ পৰিছে। কিন্তু চূড়ান্ত তালিকাত এই সংখ্যাটো আৰু কমিব। বিভিন্ন ঠাইৰ পৰা যিবোৰ খবৰ আহি আছে তাৰ পৰা ধাৰণা হয় যে এই সংখ্যাটো বাৰুকৈয়ে সৰু হৈ পৰিব পাৰে। সংখ্যাটো ইমানো কমি যাব পাৰে যে অসমীয়াৰ অস্তিত্বক লৈ চাৰি দশক ধৰি আমি ভুগি অহা আশংকাক সি লঘু কৰি পেলাব পাৰে -যদিও এখন দেশত এজনো বিদেশী মানুহ নাগৰিক হিচাপে থকাটো বাঞ্ছনীয় নহয়। বিদেশীৰূপে চূড়ান্তভাৱে চিনাক্ত মানুহখিনিক লৈ কি কৰা হ’ব তাক লৈয়ো অসমবাসী ৰাইজে সুচিন্তিত আৰু সংযমী সংগ্ৰাম চলাব লাগিব। অগত্যা সেইটোকে লৈ অসমৰ বাতাৱৰণ পুনৰ অস্থিৰ হৈ পৰিব পাৰে। এখন সাৰ্বভৌম ৰাষ্ট্ৰত বিদেশী বুলি চিনাক্ত হোৱা লোকৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে মূৰ পোলোকা মাৰিব নোৱাৰে- তাৰ ৰাজনৈতিক সমাধান কৰিবলৈ ৰাইজে চৰকাৰক বাধ্য কৰাব লাগিব।

আন এটা কথাও আছে। লোকপিয়লত এই বাদপৰা মানুহখিনিৰ কিমান অসমীয়াভাষী বুলি আৰু কিমান অনা-অসমীয়াভাষী বুলি চিহ্নিত হৈছে সেইটো আজিৰ তাৰিখত আমি নাজানো। ২ লাখ ৮০ হাজাৰ মান মানুহ অসমৰ মুঠ জনসংখ্যাৰ ১ শতাংশ মান হ’ব। গতিকে বাদ পৰা মানুহৰ যদি ২০ লাখমান অসমীয়াভাষী বুলি লোকপিয়লত অন্তৰ্ভুক্ত হৈছিল, তেন্তে অসমীয়াভাষীৰ সংখ্যা আকৌ ৭-৮ শতাংশমান কমি যাব পাৰে; ২০১১-ৰ লোকপিয়লে দেখুওৱা ৪৮.৩%-ৰ পৰা কমি সেয়া ৪০%-ৰ ওচৰে-পাঁজৰে ৰৈ যোৱাৰ সম্ভাৱনা নুই কৰা নাযায়। অৱশ্যে অসমীয়াভাষী আৰু অনা-অসমীয়াভাষী যদি প্ৰায় সমহাৰত বাদ পৰিছে, তেন্তে এই সমস্যা গৌণ হৈ পৰিব।

যা হওক, অসমবাসীৰ চাৰিদশকৰ আকাংক্ষা আৰু সংগ্ৰামৰ সুপৰিণাম হিচাপে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ভূমিষ্ঠ হোৱাটো নিশ্চিত কৰি প্ৰকাশিত হ’ল তাৰ চূড়ান্ত খচৰা। অসমৰ অস্থিৰ সামাজিক-ৰাজনৈতিক বাতাৱৰণ সুস্থিৰ কৰাত ই মহৌষধ হ’ব বুলি আশা কৰা হৈছে; ভবা হৈছে যে ৰাইজৰ প্ৰকৃত উন্নয়নলৈ পিঠি দি কেৱল বিদেশী-বাংলাদেশী প্ৰসংগ লৈয়ে ৰাজনীতি কৰাসকলৰ সান্দহ খোৱা বালি বুৰ যাব, হয়তো পৰিৱৰ্তিত দৃ্শ্যপটৰ সৈতে খাপ খাব পৰা নতুন ৰাজনৈতিক শক্তিৰ বা সমীকৰণৰ উকমুকনি দেখা যাব আৰু সৰ্বোপৰি হয়তো এই সন্ধিক্ষণৰ পৰাই অসমীয়া জাতি-গঠন প্ৰক্ৰিয়া নবীন শক্তি আৰু অদম্য প্ৰেৰণাৰে আকৌ ঠন ধৰি উঠিব।

লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক