NORTHEAST NOW (Assamese)

নাজিৰা আৰু ডিফুত অহা বিধ্বংসী ধুমুহাৰ ফলত ব্যাপক ক্ষতিসাধন

May 4, 2018 6:53 pm · এন ই নাও নিউজ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি কেইবাদিনো ধৰি ধুমুহাই তাণ্ডৱ চলাই আহিছে। আজি দিনৰ ভাগত অহা এজাক বিধ্বংসী ধুমুহাই নাজিৰা আৰু ডিফু চহৰত ব্যাপক ক্ষতি সাধন কৰে।

উল্লেখযোগ্য  যে দিনৰ ভাগত অহা বিধ্বংসী ধুমুহাজাকৰ ফলত নাজিৰাৰ বহু পৰিয়ালৰ বাসগৃহৰ ক্ষতিসাধন হোৱাৰ লগতে উভালি পৰিল বহু প্ৰকাণ্ড গছ। লগতে ধুমুহাৰ ফলত অ’এনজিচিৰ আৱাসিক এলেকাৰ বহুকেইটা আৱাসৰ ব্যাপক ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে।

আনহাতে ধুমুহাৰ ফলত ডাঙৰ ডাঙৰ গছ উভালি পৰাৰ ফলত বিভিন্ন ঠাইত ব্যাহত হৈ পৰে যাতায়াত।

একেদৰে ডিফু চহৰতো আজি বিয়লি অহা এজাক ধুমুহা-বৰষুণৰ ফলত বিস্তৰ ক্ষতিসাধন হয় ৷

চহৰখনৰ যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ সম্মুখত গছ পৰি ৩ খনকৈ চাৰিচকীয়া বাহন সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱা বুলি জানিব পৰা গৈছে।

ইফালে কৃষি বিভাগৰ কলনীত এডাল গছ পৰি এটা বাসগৃহ ধ্বংস হোৱাৰ লগতে অঞ্চলটোৰ বহু বিদ্যালয়ৰ টিনপাত পৰ্যন্ত উৰুৱাই নিয়ে ধুমুহাই ৷

Related News