নাবালিকাক যৌন নিৰ্য্যাতন চলোৱাৰ অভিযোগত অৱসৰপ্ৰাপ্ত শিক্ষকক গ্ৰেপ্তাৰ

যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অধীনৰ কাকজানৰ এজন শিক্ষকক এগৰাকী নাবালিকাক যৌন উৎপীড়ন চলোৱাৰ অপৰাধত টীয়ক থানাৰ আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে। অভিযুক্ত শিক্ষকজনৰ নাম গণেশ শইকীয়া আৰু তেওঁ কাকজান অঞ্চলৰ কমাৰখাটোৱাল গাৱঁৰ। ইতিপূৰ্বে নাবালিকাগৰাকীৰ অভিভাবকে দিয়া অভিযোগৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে টীয়ক থানাত এটা গোচৰ ৰুজু কৰা হৈছিল। নাবালিকা গৰাকীৰ অভিভাকে অভিযোগ দিয়া মতে তেওঁ তেওঁৰ গেলামালৰ দোকানৰ ভিতৰত নাবালিকা গৰাকীক আজি দিনৰ ১.৩০ বজাত যৌন উৎপীড়ন চলাইছিল। টীয়ক থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যজিৎ বৰাই nenow.in ক এই কথা জনায়। অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযত শইকীয়াৰ বিৰুদ্ধে আৰক্ষীয়ে Prevention of Children from Sexual Offences Act 2012 (POCSO) ৰ অধীনত 535/17 নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে শইকীয়াক মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱায় আৰু তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে স্থানীয় লোকসকলে তেওঁক গ্ৰেপ্তাৰৰ দাবী কৰি তেওঁৰ বাসগৃহৰ সন্মুখত ধৰ্ণা দিছিল।