নাবালিকাক হত্যাৰ চেষ্টা চলোৱা বিটু গগৈক শিৱসাগৰ আৰক্ষীৰ অৰুণাচলৰ পৰা আটক

শিৱসাগৰ আৰক্ষীয়ে চুবুৰীয়া ৰাজ্য অৰুণাচলত অভিযান চলাই এগৰাকী ১৬ বছৰীয়া নাবালিকাক হত্যাৰ চেষ্টা কৰা অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে জিলা আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অৰুণাচলৰ দুৰ্গম মেয়াৱৰ পৰা আভিযান চলাই বিটু গগৈ নাম যুৱকজনক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে আমগুৰি থানাৰ অন্তৰ্গত দেওৰজা মানতনিয়া গাঁৱৰ এগৰাকী ১৬ বছৰীয়া নাবালিকাক একে গাঁৱৰে বিটু গগৈ নামৰ যুৱকজনে যোৱা ২০ ফেব্ৰুৱাৰীৰ নিশা দা’ৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলাইছিল৷

জানিব পৰা মতে নাবালিকাগৰাকীক দীৰ্ঘদিন ধৰি বিটু গগৈয়ে প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ায় মানসিক ভাৱে হাৰাশাস্তি কৰি আহিছিল। আনহাতে নাবালিকাগৰাকীয়ে বিটুৰ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰি আহিছিল।

ফলত এই কথাত বিটু খৰ্গহস্ত হৈ ২০ ফেব্ৰুৱাৰিৰ নিশা পেহীয়েকৰ ঘৰত থাকি অধ্যয়ন কৰা নাবালিকা গৰাকীৰ ঘৰত প্ৰৱেশ কৰি নাবালিকাগৰাকীক হত্যাৰ চেষ্টা চলায়। আনহাতে নাবালিকা গৰাকীক ৰক্ষা কৰিবলৈ যাওঁতে পেহীয়েকো গুৰুতৰভাৱে আহত হৈছিল।

ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতে আমগুৰি থানাত যুৱতীগৰাকীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল।

আনহাতে শিৱসাগৰ আৰক্ষীয়ে পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ওপৰত ভিত্তি কৰি অভিযান চলাই অৱশেষত বুধবাৰে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা অভিযুক্ত বিটুক আটক কৰিবলৈ সক্ষম হয়।